ETV Bharat / state

Former Minister Abu Saleh Najmuddin: সাংসদ ড৹ ৰাজদ্বীপ ৰয়ক তীব্ৰ সমালোচনা প্ৰাক্তন মন্ত্ৰী আবু ছালেহ নাজমুদ্দিনৰ - উচ্চ ন্যায়ালয়ৰ অধিবক্তা আবু ছালেহ নাজমুদ্দিন

শিলচৰৰ সাংসদ ড৹ ৰাজদ্বীপ ৰয়ক তীব্ৰ সমালোচনা ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আবু ছালেহ নাজমুদ্দিনৰ ৷ ড৹ ৰাজদ্বীপ ৰয়ৰ বিতৰ্কিত মন্তব্যক তীব্ৰ গৰিহণা দি 24 ঘন্টাৰ ভিতৰত কৰিমগঞ্জৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ দাবী জনায় প্ৰাক্তন মন্ত্ৰীজনে ৷

Former Minister Abu Saleh Najmuddin
সাংসদ ৰাজদ্বীপ ৰয়ক তীব্ৰ সমালোচনা
author img

By

Published : Jul 23, 2023, 9:25 AM IST

শিলচৰৰ সাংসদ ৰাজদ্বীপ ৰয়ক তীব্ৰ সমালোচনা অধিবক্তা আবু ছালেহ নাজমুদ্দিনৰ

কৰিমগঞ্জ, 23 জুলাই : শিলচৰৰ সাংসদ ড৹ ৰাজদ্বীপ ৰয়ক তীব্ৰ সমালোচনা ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আবু ছালেহ নাজমুদ্দিনৰ ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ শুনানিৰ সময়ত সাংসদ গৰাকীয়ে কৰা বিতৰ্কিত মন্তব্যৰ বাবে সমালোচনা কৰে অধিবক্তা আবু ছালেহ নাজমুদ্দিনে ৷ সাংসদ গৰাকীৰ মন্তব্যৰ বাবে ক্ষমা খোজা দাবী অধিবক্তা আবু ছালেহ নাজমুদ্দিনৰ ৷

ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আবু ছালেহ নাজমুদ্দিনে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ শুনানিৰ সময়ত শিলচৰৰ সাংসদ ড৹ ৰাজদ্বীপ ৰয়ৰ বিতৰ্কিত মন্তব্যক তীব্ৰ গৰিহণা দি 24 ঘন্টাৰ ভিতৰত কৰিমগঞ্জৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ দাবী জনায় ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ শুনানিত শিলচৰৰ সাংসদ ড৹ ৰাজদ্বীপ ৰয়ে কয় যে, আসন সংৰক্ষণ মুক্ত হ’লে কৰিমগঞ্জ দ্বিতীয় কাশ্মীৰ হ’ব ৷ সাংসদগৰাকীৰ এই মন্তব্যই কৰিমগঞ্জকে ধৰি সমগ্ৰ বৰাক উপত্যকাতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে বিতৰ্কৰ সৃষ্টি হৈছে ৷

এক সংবাদমেল সম্বোধন কৰি প্ৰাক্তন মন্ত্ৰী তথা আমান ফাউণ্ডেচনৰ অধ্যক্ষ, অধিবক্তা আবু ছালেহ নাজমুদ্দিনে শিলচৰৰ সাংসদ ড৹ ৰাজদীপ ৰয়ৰ বিৰুদ্ধে সৰৱ হৈ পৰে আৰু কৰিমগঞ্জৰ ইতিহাস জানিবলৈ সাংসদ ৰাজদীপ ৰয়ক আহ্বান জনায় ৷ তেওঁ কয় যে, কৰিমগঞ্জৰ মাটি ভগৱান চৈতন্য আৰু শ্বাহ জালালে স্পৰ্শ কৰাটো ধন্য ৷ কৰিমগঞ্জত বহু ঋষি-সন্যাসী-পীৰৰ জন্ম হৈছিল ৷ এই শান্তিপূৰ্ণ কৰিমগঞ্জক লৈ সাংসদ ৰাজদীপ ৰয়ে এনে বিভ্ৰান্তিকৰ মন্তব্য কৰাৰ আগতে কৰিমগঞ্জৰ ইতিহাস অধ্যয়ন কৰা উচিত আছিল বুলি মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰীজনে ৷

আবু ছালেহ নাজমুদ্দিনে সাংসদগৰাকীৰ এই মন্তব্যক চোকা ভাষাৰে সমালোচনা কৰি কয় যে, তেওঁ নিজৰ ব্যক্তিগত ৰাজনৈতিক স্বাৰ্থত জিলা এখনৰ বিষয়ে এনে বিভ্ৰান্তিকৰ আৰু প্ৰৰোচনামূলক বক্তব্য দিয়াৰ আগতে এশবাৰ চিন্তা কৰা উচিত আছিল ৷ প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে সাংসদ গৰাকীৰ এই বিতৰ্কিত মন্তব্যক সমালোচনা কৰি ড৹ ৰাজদীপ ৰয়ে কৰিমগঞ্জ বা বৰাক উপত্যকাৰ উন্নয়নত কি অৰিহণা যোগাইছে বুলি প্ৰশ্ন কৰে ৷ লগতে শিলচৰৰ সাংসদগৰাকীক কৰিমগঞ্জ জিলাক এনেদৰে বদনাম কৰাৰ বাবে ৰাইজক ক্ষমা খুজিবলৈ দাবী জনায় ৷

লগতে পঢ়ক : Climate change conference: জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ পৰা মুক্ত নহয় অসমসহ উত্তৰ-পূৰ্বাঞ্চল; মন্ত্ৰী কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.