ETV Bharat / state

ক’ভিড ভেকচিনকলৈ কৰিমগঞ্জত উত্তেজনা

ক’ভিড ভেকচিনকৈ কৰিমগঞ্জত সৃষ্টি হৈছে উত্তেজনা ৷ দ্বিতীয় পালি ক’ভেক্সিন(Covaxin) দিয়াৰ পৰিৱৰ্তে স্বাস্থ্য বিভাগৰ লোকে প্ৰদান কৰিছে ক'ভিশ্বিল্ড(Covishield)ৰ প্ৰথম পালি প্ৰতিষেধক ৷ এই অভিযোগ উত্থাপন কৰিছে কৰিমগঞ্জৰ সুজিত মিশ্ৰ নামৰ এগৰাকী ব্যক্তিয়ে ৷

ক’ভিড ভেকচিনকলৈ কৰিমগঞ্জত উত্তেজনা
ক’ভিড ভেকচিনকলৈ কৰিমগঞ্জত উত্তেজনা
author img

By

Published : Jun 17, 2021, 7:52 PM IST

কৰিমগঞ্জ,17 জুন: ক’ভিড ভেকচিনৰ নামত এইবাৰ ল’ৰা-ধেমালি ৷ দ্বিতীয় পালি ক’ভেক্সিন(Covaxin) দিয়াৰ পৰিৱৰ্তে স্বাস্থ্য বিভাগৰ লোকে প্ৰদান কৰিছে ক'ভিশ্বিল্ড(Covishield)ৰ প্ৰথম পালি প্ৰতিষেধক ৷ এই অভিযোগ উত্থাপন হৈছে কৰিমগঞ্জত ৷

ৰাইজে অভিযোগ কৰা অনুসৰি, কৰিমগঞ্জ চহৰৰ চৰাকুৰি অঞ্চলৰ সুজিত মিশ্ৰ নামৰ ব্যক্তি গৰাকীয়ে ৫ মে’ত ক’ভেক্সিন (Covaxin)ৰ প্ৰথম পালি টীকা গ্ৰহণ কৰিছিল ৷ সেই মৰ্মেই বুধবাৰে কৰিমগঞ্জৰ ডিএছ এ কমপ্লেক্সৰ ক’ভিড টীকাকৰণ কেন্দ্ৰত দ্বিতীয় পালি ক’ভেক্সিন (Covaxin)ৰ টীকা গ্ৰহণ কৰিলৈ গৈছিল ৷ কিন্তু স্বাস্থ্য বিভাগৰ লোকে ক’ভেক্সিন (Covaxin)ৰ দ্বিতীয় পালিৰ পৰিৱৰ্তে দিলে ক'ভিশ্বিল্ড (Covishield)ৰ প্ৰথম পালি প্ৰতিষেধৰ টীকা ৷

ক’ভিড ভেকচিনকলৈ কৰিমগঞ্জত উত্তেজনা

স্বাস্থ্য বিভাগৰ এনে কৰ্মকাণ্ড দেখি ভুক্তভোগী সুজিত মিশ্ৰ নামৰ ব্যক্তি গৰাকীৰ পুত্ৰই স্বাস্থ্য কেন্দ্ৰটোৰ স্বাস্থ্যকৰ্মীক প্ৰশ্ন সোধিবলৈ গৈছিল, যে এনে কৰ্মকাণ্ড কিয় কৰিলে ? কিন্তু স্বাস্থ্য বিভাগৰ কৰ্মীয়ে কোনো প্ৰশ্নৰ উত্তৰ নিদি আৰক্ষীৰ সহায়ত সুজিত মিশ্ৰৰ পুত্ৰক টীকাকৰণ কেন্দ্ৰটোৰ পৰা বাহিৰ কৰি দিলে ৷ এই অভিয়োগ উত্থাপন কৰিছে ভুক্তভোগী সুজিত মিশ্ৰৰ পৰিয়ালে ৷

উল্লেখ্য যে, স্বাস্থ্য বিভাগৰ এনে কৰ্মকাণ্ডক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ ভুক্তভোগী পৰিয়ালটোৰ লগতে কৰিমগঞ্জবাসী ৰাইজেও এই ক্ষেত্ৰত উচিত তদন্ত বিচাৰিছে ৷

লগতে পঢ়ক: বাক্সাৰ কুমাৰীকাটাত এটি শিশুৰ দেহত চুম্বকীয় শক্তিৰ উদ্ভৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.