ETV Bharat / state

Eviction in Karimganj: কৰিমগঞ্জস্থিত অসম চাহ নিগমৰ ভূমিত উচ্ছেদ

author img

By

Published : Jul 16, 2022, 8:16 PM IST

চেপা উত্তেজনা আৰু কটকটীয়া নিৰাপত্তা বেষ্টনিৰ মাজেৰে কৰিমগঞ্জস্থিত অসম চাহ নিগমৰ চৰকাৰী ভূমিত(Assam Tea Corporation land) চলিল উচ্ছেদ অভিযান । পূৰ্বে ঘোষণা অনুযায়ী শণিবাৰে পুৱাৰ ভাগতে উচ্ছেদ অভিযানত নামে কৰিমগঞ্জ প্ৰশাসন ৷ উচ্ছেদ অভিযানৰ প্ৰথমটো দিনত প্ৰায় শতাধিক বাসগৃহত উচ্ছেদ চলায় প্ৰশাসনে ।

Eviction in Karimganj
কৰিমগঞ্জস্থিত অসম চাহ নিগমৰ ভূমিত উচ্ছেদ অভিযান

কৰিমগঞ্জ, 16 জুলাই: চেপা উত্তেজনা আৰু কটকটীয়া নিৰাপত্তা বেষ্টনিৰ মাজেৰে কৰিমগঞ্জস্থিত অসম চাহ নিগমৰ চৰকাৰী ভূমিত(Assam Tea Corporation land) চলিল উচ্ছেদ অভিযান । পূৰ্বতে কৰা ঘোষণা অনুযায়ী শণিবাৰে পুৱাৰ ভাগতে উচ্ছেদ অভিযানত নামে কৰিমগঞ্জ প্ৰশাসন । উচ্ছেদ অভিযানৰ প্ৰথমটো দিনত প্ৰায় শতাধিক বাসগৃহত উচ্ছেদ চলায় প্ৰশাসনে (Eviction in Karimganj)।

উল্লেখ্য যে এই উচ্ছেদৰ ফলত প্ৰায় সাতশ পৰিয়াল গৃহহীন হ’ব । পৰ্যায়ক্ৰমে এই উচ্ছেদ অভিযান চলি থাকিব বুলিও জানিব পৰা গৈছে । ইপিনে পাতিয়ালাত উচ্ছেদ চলোৱাৰ সময়ত ৰাইজে আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ কৰাৰ দৰে ঘটনাও সংঘটিত হয় ৷ এই ঘটনাৰ ফলত এগৰাকী মহিলা আৰক্ষী আহত হয় আৰু আৰক্ষীয়েও ৰবৰ বুলেট চলোৱাৰ লগতে আৰু লাঠিচালনা কৰে ।

পাথাৰকান্দি ৰাজহ চক্ৰ বিষয়া অৰ্পিতা দত্ত মজুমদাৰে(Patharkandi circle officer) জনায় যে, আজি প্ৰথমদিনা উচ্ছেদ অভিযান চলিছে আৰু পৰ্যায়ক্ৰমে চলি থাকিব এই অভিযান । প্ৰথম দিনৰ উচ্ছেদ অভিযানৰ সময়ত দক্ষিণ অসম প্ৰান্তৰ ডিআইজি, জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱা আৰু প্ৰশাসনিক উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে ।

উল্লেখযোগ্য যে, অসম চাহ নিগমৰ ইচাবিল চাহ বাগিচাৰ(Isabheel Tea Estate) প্ৰায় 1200 বিঘা ভূমি বেদখল হৈ আছিল আৰু ইয়াকে লৈ প্ৰশাসন, স্থানীয় বিধায়ক আৰু মুখ্যমন্ত্ৰীৰ কাষ চাপিছিল বাগিচাখনৰ শ্ৰমিক আৰু শ্ৰমিক সংস্থা ৷

উচ্ছেদৰ পূৰ্বে বহু লোকে ঘৰ-বাৰী এৰি গৈছিল যদিও আন বহু লোক এৰি যোৱা নাছিল ৷ ফলত শণিবাৰৰ পৰা আৰম্ভ হৈছে উচ্ছেদ অভিযান । একাংশ লোকে ঘৰ-বাৰী হেৰুৱাই নিৰুপায় হৈ পৰাৰ লগতে আন একাংশই অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকৰ বৈধ নথি-পত্ৰ থকাৰ স্বত্বেও প্ৰশাসনে উচ্ছেদ কৰিছে । উচ্ছেদৰ পাচতে অঞ্চলটোত কান্দোনৰ ৰোল উঠে ।

লগতে পঢ়ক: Earthquake in Assam : ভূটানৰ উচ্চ ভূকম্পন প্ৰৱণ এলেকাতে নিৰ্মাণ জলবিদ্যুৎ প্ৰকল্প: অসমৰ বিপদ অৰ্নিবাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.