কৰিমগঞ্জ,29 জুন: কৰিমগঞ্জত লংগাই নৈৰ গৰাখহনীয়াই ক্ৰমাৎ তীব্ৰ ৰূপ ধাৰণ কৰিছে ৷ পাথাৰকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত বাজাৰিছড়াৰ কালাছড়া এলেকাত নৈখনৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰাত জনজীৱনৰ প্ৰতি স্বাভাৱিকতে প্ৰত্যাহ্বান সৃষ্টি হৈছে ৷ ইয়াৰ লগতে লোৱাইৰপোৱাৰ পৰা কানমুনলৈকে যোৱা পকী পথটোৰ এচোৱা যিকোনো সময়তে বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ আশংকা কৰা হৈছে ৷ বানে উক্ত অংশ উটুৱাই নিলে ব্যাহত হৈ পৰিব জিলাখনৰে মিজোৰামৰ লগত থকা সংযোগ ৷
ইতিমধ্যে উক্ত স্থানৰ খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে পাঁচ লাখটকীয়া এক আঁচনি গ্ৰহণ কৰিছিল যদিও কাৰ্যত সেয়া সম্পূৰ্ণ হৈ নুঠিল ৷ পকী বান্ধৰ বিপৰীতে মাত্ৰ বাঁহ আৰু বস্তাৰে ভেটি বান্ধি দায়িত্ব সামৰে বিভাগে ৷ ফলত বাৰিষাৰ প্ৰথমটো বানে উটুৱাই লৈ যায় বান্ধটো ৷ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত এই সমস্যাৰ স্থায়ী সমাধান বিচাৰি বাৰে বাৰে আহ্বান জনোৱাৰ পিছতো কোনো সদুত্তৰ লাভ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
লগতে চাওকঃ দৰঙৰ ১২৬ খন গাঁও বানৰ কবলত