কৰিমগঞ্জ, 30 নৱেম্বৰ : কৰিমগঞ্জ জিলাৰ বিভিন্ন অঞ্চলত চলিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ দেওবাৰে পাথাৰকান্দি আৰক্ষীয়ে অভিযান চলাই 85 গ্রাম ড্ৰাগছ জব্দ কৰাৰ লগতে আটক কৰে এটা ড্ৰাগছ মাফিয়াক । ড্ৰাগছ মাফিয়াটোৰ নাম ইছলাম উদ্দিন বুলি জানিব পৰা গৈছে ৷ আনহাতে জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় 1 লাখ টকা ৷
জানিব পৰা মতে, জিলাখনৰ পাথাৰকান্দি সমষ্টিটোক ড্ৰাগছৰ বেহাৰ ‘চীফ ক’ৰিডৰ’ত পৰিণত কৰিছে ড্ৰাগছ বেপাৰীসকলে ৷ পাথাৰকান্দিৰ পৰা চুবুৰীয়া ৰাজ্য ত্ৰিপুৰা হৈ বাংলাদেশলৈ সৰবৰাহ হয় ড্ৰাগছসহ ফেনচিডিল, ইয়াবা টেবলেটকে ধৰি বিভিন্ন ধৰণৰ নিচাজাতীয় সামগ্ৰী ৷ ইফালে ড্ৰাগছ সেৱন আৰু ব্যৱসায় কৰাসকলৰ বিৰুদ্ধে একপ্ৰকাৰ জেহাদ ঘোষণা কৰিছে কৰিমগঞ্জ আৰক্ষী অধীক্ষক মায়ংক কুমাৰে ।
লগতে পঢ়ক : গোলাঘাটত অগপৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ পদত্যাগত হৰ্ষোল্লাস