কৰিমগঞ্জ,10 জুনঃ ৰাজ্যত আজিৰ তাৰিখত অতিকৈ সহজলভ্য যদি কিবা আছে তেন্তে এয়া হ’ল বৰবিহ ড্ৰাগছ । আৰক্ষীৰ ব্যৰ্থতাৰ সুযোগ লৈ দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছ সেৱন তথা সৰবৰাহ কাৰীৰ সংখ্যা । সোমবাৰে কৰিমগঞ্জৰ চেৰাগী বজাৰৰ পিছত কৰিমগঞ্জৰ ৰাতাবাৰী সমষ্টিৰ দুৰ্লভচৰাত আটক এটা ড্ৰাগছ সৰবৰাহকাৰী । আটক হোৱা যুৱকৰ নাম ছাব্বিৰ আহমদ । ছাব্বিৰৰ পৰা উদ্ধাৰ হৈছে 135 টা ড্ৰাগছৰ টেমা।ছাব্বিৰে চলাই অহা AS10B-0785 নম্বৰৰ এল্টো গাড়ীখনো জব্দ কৰিছে আৰক্ষীয়ে । গোপন সূত্ৰৰ পমখেদি আৰক্ষীয়ে গাড়ীখনত তালাচী চলোৱাত এই ঘটনা পোহৰলৈ আহে ।
![ETV BHARAT](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-krj-805-10jun-drugs-paddlers-caught-visualbyte_10062019202727_1006f_1560178647_740.jpg)