কৰিমগঞ্জ,17 অক্টোবৰঃ কৰিমগঞ্জত অধ্যক্ষৰ আসনক লৈ টান-আঁজোৰা দুগৰাকী অধ্যাপকৰ ৷ কৰিমগঞ্জৰ কালিগঞ্জত অৱস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত সংঘটিত হৈছে এই ঘটনা ৷ যাৰ ফলত এতিয়া অচলাৱস্থাৰ সৃষ্টি হৈছে শিক্ষা প্ৰতিষ্ঠানখনত৷
প্ৰাপ্ত তথ্য অনুসৰি, ছমাহৰ বাবে নিলম্বিত হৈ আছিল শিক্ষা প্ৰতিষ্ঠানটোৰ অধ্যক্ষ প্ৰভাত চন্দ্ৰ নাথ ৷ তেখেতৰ অনুপস্থিতিত তাজ উদ্দিন লস্কৰ নামৰ অধ্যাপকগৰাকীক অধ্যক্ষ ৰূপে নিয়োগ কৰা হয় ৷ কিন্তু পৰৱৰ্তী সময়ত বিভাগীয় সঞ্চালকে প্ৰভাত চন্দ্ৰ নাথক পুনৰ দায়িত্বভাৰ গ্ৰহণৰ নিৰ্দেশ দিয়ে যদিও অধ্যক্ষৰ আসন এৰি দিবলৈ অমান্তি হয় ভাৰপ্ৰাপ্ত অধ্যক্ষ তাজ উদ্দিন লস্কৰ৷ যাৰ ফলত দুয়োৰে মাজত সৃষ্টি হয় পদবী কেন্দ্ৰিক সংঘাত ৷ তাজ উদ্দিন লস্কৰে কালিগঞ্জ আৰক্ষী চকীত গোচৰ তৰাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰো দ্বাৰস্থ হয় ৷ উচ্চ ন্যায়ালয়ে তাজ উদ্দিন লস্কৰক অধ্যক্ষ পদতে বৰ্তি থকাৰ নিৰ্দেশ প্ৰদান কৰে ৷ তাজ উদ্দিন লস্কৰৰ অভিযোগ অনুসৰি প্ৰভাত নাথে তেওঁক শাৰীৰিকভাৱে অপদস্থ কৰি বলপূৰ্বকভাৱে অধ্যক্ষৰ আসন অধিকাৰ কৰাৰ লগতে দৰমহাও বন্ধ কৰি ৰাখিছে ৷
আনহাতে, তাজ উদ্দিন লস্কৰৰ এই সমস্ত অভিযোগৰ বিপৰীতে প্ৰভাত চন্দ্ৰ নাথে প্ৰকাশ কৰিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য ৷ প্ৰভাত চন্দ্ৰ নাথৰ অভিযোগ অনুসৰি তেখেতৰ অনুপস্থিতিৰ সময়ত তাজ উদ্দিন লস্কৰে ছাত্ৰ-ছাত্ৰীৰ মাচুলৰ ধন এছ চি আৰ টিক জমা নিদিয়াকৈ আত্মসাৎ কৰাৰ লগতে শিক্ষা প্ৰতিষ্ঠানৰ অন্য শিতানৰ ধনো শৰাধ কৰিছে ৷ যাৰ বাবে পৰীক্ষাৰ ফলাফল লাভৰ পৰা বঞ্চিত হৈ আছে শিক্ষাৰ্থী ৷ তাৰোপৰি ছামাহৰ কাৰ্যকালত শিক্ষা প্ৰতিষ্ঠানটিৰ টিভি, কম্পিউটাৰ, আলমিৰা আদিও ঘৰলৈ লৈ গৈছে লস্কৰে ৷ আনকি চৰকাৰৰ পৰা আৱণ্টিত 7 লাখ টকাৰো কোনো হিচাপ নাই বুলি অভিযোগ তুলিছে প্ৰভাত চন্দ্ৰ নাথে ৷
এই দুই অধ্যাপকৰ পদবী কেন্দ্ৰিক যুঁজত এতিয়া অচল হৈ পৰিছে কালিগঞ্জৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ৷