কৰিমগঞ্জ, 1 অক্টোবৰঃ দেশৰ জাতীয় পতাকাক চৰম অৱমাননা খোদ চৰকাৰী কাৰ্যালয়ত ৷ কৰিমগঞ্জৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত সংঘটিত হৈছে এই ঘটনা ৷ জাতীয় পতাকা দি কিছু সামগ্ৰী গাঁঠি মাৰি বান্ধি ৰখা ঘটনাই ক্ষোভৰ সৃষ্টি কৰিছে প্ৰত্যক্ষদৰ্শী মাজত ৷
কাৰ্যালয়ৰ 'ফেচিলেচন চেন্টাৰ' কক্ষত দেখা গ'ল এই দৃশ্য ৷ অৱশ্য জিলা উপায়ুক্ত আন্বামুথান এম.পি. ৰ মতে, এয়া সামান্য ভুলহে ৷
ইয়াকে লৈ এতিয়া ক্ষোভিত হৈ পৰিছে কৰিমগঞ্জবাসী সচেতন ৰাইজ ৷