ETV Bharat / state

কৰিমগঞ্জত পথ নিৰ্মাণত গাফিলতিৰ অভিযোগ

author img

By

Published : Sep 13, 2020, 12:51 PM IST

Updated : Sep 13, 2020, 1:13 PM IST

প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনাৰ অধীনত কৰিমগঞ্জ জিলাৰ আনিপুৰৰ পৰা ঘিলাইটিক সংযোগী নিৰ্মীয়মাণ পথত অনিয়মৰ অভিযোগ ৷ ঠিকাদাৰ আব্দুল বাছিতৰ বিৰুদ্ধে উত্থাপন হৈছে অনিয়মৰ অভিযোগ ৷

পথ নিৰ্মাণত গাফিলতিৰ অভিযোগ
পথ নিৰ্মাণত গাফিলতিৰ অভিযোগ

কৰিমগঞ্জ, 13 ছেপ্তেম্বৰ: কৰিমগঞ্জ জিলাৰ আনিপুৰৰ পৰা ঘিলাইটিক সংযোগী প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনাৰ অধীনত নিৰ্মীয়মান পথৰ কামত অনিয়মৰ অভিযোগ ৷ নিৰ্মাণ কাৰ্যত অনিয়মৰ অভিযোগ উত্থাপন কৰি ক্ষুব্ধ ৰাইজে বন্ধ কৰে পথ নিৰ্মাণৰ কাম ৷ ৰাইজৰ অভিযোগ অনুসৰি, পথ নিৰ্মাণত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি ধন আত্মসাৎ কৰিছে ঠিকাদাৰ আব্দুল বাছিতে ৷

কৰিমগঞ্জত পথ নিৰ্মাণত গাফিলতিৰ অভিযোগ

অভিযুক্ত ঠিকাদাৰ জনে চিমেণ্ট অবিহনেই কেৱল মাটিৰ ওপৰত ব্লক বহোৱাৰ বাবে নিৰ্মাণকাৰ্য চলি থকা অৱস্থাতে সেইবোৰ উঠি যাব ধৰিছে বুলি জানিব পৰা গৈছে ৷ ইয়াৰোপৰি পথটোৰ গাৰ্ডৱাল সমূহো খহি যাব ধৰিছে বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ এনেবোৰ কাৰণৰ বাবেই দীৰ্ঘদিনৰ পৰা এটা সুচল পথ বিচাৰি থকা ৰাইজে সম্প্ৰতি ক্ষোভ উজাৰিছে বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷ বিভাগীয় কৰ্তৃপক্ষৰ পৰা কোনো লোক নহা পৰ্যন্ত তেওঁলোকে পথ নিৰ্মাণৰ কাম বন্ধ ৰাখিব বুলি সকীয়নি প্ৰদান কৰে সংবাদ মাধ্যমযোগে ৷

লগতে পঢ়ক: অনিৰ্দিষ্টকাললৈ বন্ধ অসম-মিজোৰাম অভিমুখী ট্ৰাকৰ চলাচ

Last Updated : Sep 13, 2020, 1:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.