ETV Bharat / state

চৰকাৰৰ দ্বাৰা চৰম অৱহেলিত কৰিমগঞ্জ ! - দিল্লী

কৰিমগঞ্জৰ জৰাজীৰ্ণ পথটোকলৈ মন্তব্য আগবঢ়াইছে বিজেপিৰ বিধায়ক কৃষ্ণেন্দু পালে ৷ দিল্লীয়ে অসমৰ উন্নয়ন নিবিচাৰে নেকি বুলি প্ৰশ্ন কৃষ্ণেন্দু পালৰ ৷

চৰকাৰৰ দ্বাৰা চৰম অৱহেলিত কৰিমগঞ্জ জিলা!
author img

By

Published : Aug 22, 2019, 12:39 PM IST

কৰিমগঞ্জ , 22 আগষ্টঃ চৰকাৰ যি দলৰেই নহওক কিয় কৰিমগঞ্জ জিলা সদায়ই যেন চৰম অৱহেলিত৷ কৰিমগঞ্জৰ পোৱামাৰাৰ পৰা চূড়াইবাৰী অসম ত্ৰিপুৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথটোৰ এতিয়া জৰাজীৰ্ণ অৱস্থা৷ মেৰামতিৰ অভাৱত ৰাষ্ট্ৰীয় ঘাইপথটোত সৃষ্টি হৈছে পুখুৰী সদৃশ পৰিস্থিতিৰ

চৰকাৰৰ দ্বাৰা চৰম অৱহেলিত কৰিমগঞ্জ জিলা!

জিলাখনৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ অসম ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ বাবে সাধাৰণ ৰাইজে যমৰ যাতনা ভূগিব লগীয়া হৈছে৷ ৰাইজৰ অভিযোগ অনুসৰি বৰাক উপত্যকাখন চৰকাৰৰ কাষত অৱহেলিত হৈ আহিছে যদিও তাতোকৈ বেছি অৱহেলিত কৰিমগঞ্জ জিলা৷ আৰু উক্ত পথটোৱে ইয়াৰ বাস্তৱ উদাহৰণ ৷ জানিব পৰা মতে লোকসভা নিৰ্বাচনৰ পূৰ্বে গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই পথটো সংস্কাৰৰ বাবে দহ কোটিৰ আৱন্টন দিছিল ৷ কিন্তু এই পথ সংস্কাৰত বৃহৎ কেলেংকাৰী হৈছে বুলি ৰাইজে অভিযোগ কৰিছে৷ ৰাইজৰ অভিযোগ অনুসৰি পথটোৰ এনে দুৰ্দশাৰ ফলত প্ৰতিদিনে এই পথত সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে৷ আনহাতে এই পথটোকলৈ মন্তব্য আগবঢ়াইছে বিজেপিৰ বিধায়ক কৃষ্ণেন্দু পালে৷ দিল্লীয়ে অসমৰ উন্নয়ন নিবিচাৰে নেকি বুলি প্ৰশ্ন কৰাৰ লগতে পালে অভিযোগ কৰে যে দিল্লীৰ এচাম আধিকাৰীয়ে মুখ্যমন্ত্ৰী আৰু গড়কাপ্তানি মন্ত্ৰীৰ পত্ৰক কেৰেপকে নকৰে ৷

Intro:Body:SLUG-- ASSAM TRIPURA
NH 8 ROAD CONDITION.

গৰকপ্তানী পথৰ কথা বাদেই দিয়ক,ৰাষ্ঠীয় ঘাইপথ দেখিলেও আপোনাৰ চকু উঠিব কপালত।কৰিমগঞ্জৰ পোৱামাৰাৰ পৰা চূড়াইবাৰী অসম ত্ৰিপুৰা সংযোগী ৰাষ্ঠীয় ঘাইপথৰ দেখিলে আপুনি এয়া পথ খেতিপথাৰ কব নোৱাৰিব।পথৰ মাজত পুকুৰী সদৃশ গাত ।এয়া পথ নে পুখুৰী বুজিব নোৱাৰিব।
চিৰাচৰিতভাৱে চৰকাৰৰ কাষত অৱহেলিত হৈ আহিছে বৰাক উপত্যকা আৰু তাতকৈ বেছি অৱহেলিত কৰিমগঞ্জ জিলা। এই পথ হৈছে ইয়াৰ বাস্তৱ উদাহৰণ। চৰকাৰ যি দলৰ হওক না কিয় কৰিমগঞ্জ জিলা সদায়ই যেন চৰম অৱহেলিত । উন্নয়নৰ শ্লোগান দিয়া ৰাজ্যেৰ ৰাজপাটত গেদি দখল কৰা বিজেপিৰ মিত্ৰ জোঁটৰ চৰকাৰৰ কাৰ্যকালতো একই অৱস্থা।কোনেও চকু মেলি নেযায় এই পথৰ দুৰৱস্থা।
লোকসভা নিৰ্বাচনৰ পূৰ্বে এইপথ সংস্কাৰৰ বাবে দহ কোটি টকা আবন্টন দিছিল গৰকপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু দহ কোটি টকাৰ কাম হৈছে নে নাই এয়া ভুক্তভোগী পথচাৰী সকলেই কম পাৰিব।অভিযোগ অনুসৰি এই দহ কোটি টকাৰ ও হৈছে কেলেংকাৰী।এই পথ কেতিয়াও মেন্টেনেন্স নকৰে বিভাগটোৱে ফলত পথচাৰীক যমৰ যাতনা ভুগিব লগা হৈছে।কোনেও নশুনে ৰাইজৰ এই দুর্দশাৰ কাহিনী।প্ৰতিদিনেই এটাৰ পিছত এটা দুৰ্ঘটনা প্ৰাণ কাঢ়ি লৈছে এটা এটা কৈ প্ৰাণ ।কোনো প্ৰসূতি মহিলা চিকিসকৰ কাষত যোৱাৰ পূৰ্বেই এই পথৰ মাজত গৰ্ভপাত হৈ যায়।অসমৰ ভিতৰত এনে অবস্থাত কোনো ৰাষ্ট্ৰীয় ঘাইপথ আছে নে নাই ৰাইজৰ জনা নাই সীমান্তজিলা হিচাবে অতি গুৰুত্বপূৰ্ণ জিলাৰ বুকুৰ মাঝেৰে যোৱা এই ৰাষ্ঠীয় কিন্তু এই পৰ্যায়ত আছে।এই দৃশ্য বোৰ মন কৰক।তেতিয়াই সকলো সত্য স্পষ্ট হব।
আনফালে এই পথ লৈ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে বিজেপিৰ এগৰাকী বিধায়কে।অসমৰ উন্নয়ন নিবিচাৰে নিকি দিল্লীয়ে। আনকি মুখ্যমন্ত্ৰী আৰু গড়কাপ্তানী মন্ত্ৰীৰ পত্ৰ কেৰেপ নকৰে দিল্লীৰ এচাম আধিকাৰিকে। কিন্তু কিয় কেন্দ্ৰ আৰু ৰাজ্যত একি ৰাজনৈতিক দল শাসন ব্যবস্হা থকাৰ পিছত কেৰেপ নকৰে দিল্লীৰ এচাম শীৰ্ষ বিষয়ায় ??? এয়া আমি কোৱানাই, কলে ৰাজ্যৰ শাসক দলৰ এগৰাকী বিধায়ককে । এই বিধায়ক গৰাকী হৈছে কৃষ্ণেন্দু পালে। কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্ঠিৰ অসম ত্ৰিপূৰা সংযোগী ৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অবস্থা একেবাৰে কৰুন। সংবাদ মাধ্যমৰ আগত এই মন্তব্য প্ৰকাশ কৰে পাথাৰকান্দি সমষ্ঠিৰ বিজেপি বিধায়ক কৃষ্ণেন্দু পালে ।

বাইট,কৃষ্ণেন্দু পাল।
ৱাইট,স্থানীয় ৰাইজ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.