ETV Bharat / state

বৰাক-ব্ৰহ্মপুত্ৰৰ খননত সংঘটিত বিয়াগোম কেলেংকাৰী

খননৰ নামত বৃহৎ কেলেংকাৰি কৰিছে বিজেপি চৰকাৰে । যাৰ বাবে ডাঙৰ জাহাজৰ পৰিৱৰ্তে সৰু ফেৰি অনা হৈছে । বাঘ বুলি কৈ মেকুৰি দেখুওৱা হৈছে । বৰাক ব্ৰহ্মপুত্ৰ খনন,সেয়া সকলো মিছা কথা,পাৰ্টি টুপীৰ দৰেই অসমৰ ৰাইজক টুপী পিন্ধাই আছে বিজেপিয়ে ৷

author img

By

Published : Nov 14, 2020, 10:32 AM IST

বৰাক-ব্ৰহ্মপুত্ৰৰ খননত সংঘটিত বিয়াগোম কেলেংকাৰী
বৰাক-ব্ৰহ্মপুত্ৰৰ খননত সংঘটিত বিয়াগোম কেলেংকাৰী

কৰিমগঞ্জ, 14 নৱেম্বৰ : বৰাক-ব্ৰহ্মপুত্ৰ খননৰ নামত বিয়াগোম কেলেংকাৰী সংঘটিত হোৱাৰ দাবী উত্থাপন কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ খননত হোৱা বিসংগতিৰ বাবেই নিৰ্দিষ্ট অনুষ্ঠানত বৰাক-ব্ৰহ্মপুত্ৰ জলপথেৰে আহিব নোৱাৰিলে বাংলাদেশৰ জাহাজ ৷ যাৰ বাবে ভাৰত-বাংলাদেশ বাণিজ্য অনুষ্ঠানৰ আৰম্ভণিত প্ৰধানমন্ত্ৰীৰ ভাৰ্চুৱেল অংশগ্ৰহণৰ দৰে অনুষ্ঠান বাতিল কৰিবলগীয়া হ'ল ৷

জলপথ নিৰ্মাণৰ নামত বিজেপিয়ে ৰাইজক প্ৰতাৰণা কৰিছে : দেৱব্ৰত শইকীয়া

বিৰোধী দলপতিগৰাকীৰ মতে,খননৰ নামত বৃহৎ কেলেংকাৰী কৰিছে বিজেপি চৰকাৰে । যাৰ বাবে ডাঙৰ জাহাজৰ পৰিৱৰ্তে সৰু ফেৰি অনা হৈছে । বাঘ বুলি কৈ মেকুৰি দেখুওৱা হৈছে । বৰাক ব্ৰহ্মপুত্ৰ খনন,সেয়া সকলো মিছা কথা,পাৰ্টি টুপীৰ দৰেই অসমৰ ৰাইজক টুপী পিন্ধাই আছে বিজেপিয়ে ৷

বৰাকত থকা টাৰ্মিনেলৰ টিপাৰ আৰু জাহাজ

2017ত ৰাজ্য চৰকাৰে অতি জাকজমকতাৰে আয়োজন কৰিছিল নমামী ব্ৰহ্মপুত্ৰ আৰু নমামী বৰাক উৎসৱ । কেইবাটাও অভিলাষী আঁচনিক লক্ষ্য ৰাখি পতা হৈছিল এই অনুষ্ঠান । ইয়াৰ মাজত অতি গুৰুত্বপূৰ্ণ আছিল ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ খনন তথা বাংলাদেশ হৈ কলকাতা-ধুবৰী আৰু কলকাতা-কৰিমগঞ্জ ৰাষ্ট্ৰীয় জলপথক সুগম কৰি তোলা । নমামী বৰাক অনুষ্ঠান শেষ হোৱাৰ কেইদিন পাছতে কৰিমগঞ্জৰ কুশিয়াৰা নৈত উপস্থিত হৈছিল খননকাৰী জাহাজ । সেইমতে ৰাষ্ট্ৰীয় জলপথ নং 16ত আৰম্ভ হৈছিল খনন কাৰ্য । বানিজ্যিক আদান প্ৰদান বৃদ্ধিৰ লক্ষ্যৰে ভাৰত বাংলাদেশৰ যৌথ প্ৰয়াসত বাংলাদেশৰ আশুগঞ্জৰ পৰা কৰিমগঞ্জ হৈ শিলচৰলৈকে কুশিয়াৰা আৰু বৰাকৰ খনন আৰম্ভ হৈছিল 2018ৰ ফেব্ৰুৱাৰীত ৷

বৰাক নদীত থকা টাৰ্মিনেল

305 কোটি টকা ব্যয়ৰে খনন কাৰ্য আৰম্ভ হ'লেও বৰাকৰ সামান্য কিছু এলেকা খনন কৰিয়ে বন্ধ হৈ পৰে খননকাৰ্য্য । ইফালে পূৰ্বৰ চুক্তি অনুসৰি পাইলট প্ৰজেক্ট হিচাপে 9 নৱেম্বৰ তাৰিখত বাংলাদেশৰ আশুগঞ্জৰ পৰা দুখন বিশাল জাহাজে সেই দেশৰ এটি কোম্পানীৰ চিমেন্ট লৈ কৰিমগঞ্জৰ ষ্টীমাৰঘাটত আহি উপস্থিত হোৱাৰ লগতে উভতাৰ সময়ত কৰিমগঞ্জৰ পৰা চূণশিল লৈ যোৱাৰ চুক্তি হৈছিল ।

জলপথৰ কৰিমগঞ্জ টাৰ্মিনেল

এই পাইটল প্ৰজেক্টৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেল ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি যোগ দিয়াৰ কথা আছিল । সেই অনুসৰি সজাই তোলা হৈছিল কৰিমগঞ্জৰ ষ্টীমাৰঘাট । কিন্তু কুশিয়াৰা নদীৰ গভীৰতা হ্ৰাস পোৱা তথা নৈখনত উপযুক্ত পৰিমানে খনন নোহোৱাত জাহাজ দুখন আহিব নোৱাৰিলে । হাজাৰ টন সামগ্ৰী কঢ়িওৱা জাহাজৰ পৰিবৰ্তে মাথো 40 টনকৈ বাংলাদেশৰ চিমেন্ট লৈ কৰিমগঞ্জ পোৰ্টত উপস্থিত হয় তিনিখনকৈ সৰু সৰু ষ্টীমাৰ বা ডাঙৰ নাঁও । এনে পৰিস্থিতিত বাতিল কৰা হৈছিল প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানো । এই নাঁওকেইখনতেই পুনৰ কৰিমগঞ্জৰ পৰা চূনশিল লোড কৰি বাংলাদেশলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হয় ৷

কেন্দ্ৰীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ

এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই । তেওঁ কয় যে,খননক লৈ বৃহৎ কেলেংকাৰি কৰিছে বিজেপি চৰকাৰে । যাৰ বাবে ডাঙৰ জাহাজৰ পৰিৱৰ্তে সৰু ফেৰি অনা হৈছে । বাঘ বুলি কৈ মেকুৰিক দেখুৱাই, বৰাক ব্ৰহ্মপুত্ৰ খননৰ নামত মিছা কথাৰে পাৰ্টি টুপীৰ দৰেই অসমৰ ৰাইজক টুপী পিন্ধাই আছে বিজেপিয়ে । বৰাক ব্ৰহ্মপুত্ৰ ক'তো খনন হোৱা নাই । এয়া কেৱল এক প্ৰতাৰণাহে ৷

লগতে পঢ়ক : হাগ্ৰামাৰ বেহুত বিজেপিৰ নিৰ্বাচনী ৰণডংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.