কৰিমগঞ্জ, 3 ফেব্ৰুৱাৰীঃ কৰিমগঞ্জত বিজেপিৰ উদ্যোগত অনুষ্ঠিত ধামাইল প্ৰতিযোগিতা । দেওবাৰৰ পৰা প্ৰদেশ বিজেপি মহিলা মৰ্চাই নিৰ্ধাৰিত কৰা গোটে অসমত বছৰজোৰা বিশেষ কাৰ্যসূচীৰে "আইদেউৰ বুলনি" শীৰ্ষক অনুষ্ঠান আৰম্ভ কৰিছে । এই কাৰ্যসূচীৰ অধীনত দেওবাৰে ব্ৰহ্মপুত্ৰ উপত্যকাত মহিলাৰ নাম প্ৰতিযোগিতা আৰু বৰাক উপত্যকাত ধামাইল প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ।
সেই অনুসৰি কৰিমগঞ্জ বিজেপিৰ মহিলা মৰ্চাৰ উদ্যোগত চহৰ মণ্ডল ভিত্তিক ধামাইল প্ৰতিযোগিতা অনুষ্ঠিত হয় । অনুষ্ঠানত ভাগ লয় কৰিমগঞ্জ চহৰৰ ১৪ টাকৈ ধামাইল দলে । ধামাইল পৰিৱেশন কৰা প্ৰতিযোগী সকলৰ ৩ টা দলে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিলেও সকলো দলে প্ৰতিযোগিতাৰ উপৰিও আতকধুনীয়া নৃত্য প্ৰদৰ্শন কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয় ৷
আৰু পঢ়কঃ বুঢ়ীদিহিং নদীত অগ্নিকাণ্ড