কৰিমগঞ্জ,3 নৱেম্বৰ: বন আইন 2006 কাৰ্যকৰী কৰাৰ দাবীত মঙলবাৰে উত্তাল হৈ পৰে কৰিমগঞ্জ জিলাৰ ৰংপুৰ অঞ্চল ৷ জনগোষ্ঠীয় লোকসকলক ভূমি পট্টা প্ৰদানৰ বাবে দীৰ্ঘদিনে চৰকাৰে গ্ৰহণ নকৰিলে কোনো উপযুক্ত ব্যৱস্থা ৷ চৰকাৰৰ ভূমিকাত ক্ষুব্ধ হৈ উক্ত লোকসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰাপ্যৰ পৰা বঞ্চিত লোকসকলে মঙলবাৰে কৰিমগঞ্জৰ ৰাতাবাৰীৰ অসম-মিজোৰাম সীমান্ত সংযোগী ৰংপুৰত এক বৃহৎ সমদল বাহিৰ কৰে ৷ লগতে বন আইন 2006 কাৰ্যকৰী কৰাৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ পৰৱৰ্তী সময়ত এই প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰীলৈ বিষয় প্ৰসংগত প্ৰেৰণ কৰিব স্মাৰকপত্ৰ ৷
লগতে চাওকঃ দোষীৰ শাস্তিৰ দাবীত টিংখাং বাসীৰ প্ৰতিবাদ