কৰিমগঞ্জ,21 ফেব্ৰুৱাৰীঃ কৰিমগঞ্জৰ লঙাই নদীত উদ্ধাৰ হৈছে এক অচিনাক্ত মৃতদেহ ৷ মৃতদেহটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে এছ ডি আৰ এফ বাহিনীক ৷ এছ ডি আৰ এফে উদ্ধাৰ কৰে অচিনাক্ত মৃতদেহটো ৷
ইতিমধ্যে মৃত্যুক সাৱটি লোৱা লোকজনে পূৰ্বে নদীত জপিয়াই আত্মহত্যাৰ চেষ্টা চলাইছিল যদিও স্থানীয় লোকে ব্যক্তিজনক জীৱন্তে উদ্ধাৰ কৰে ৷ পৰৱৰ্তী সময়ত কোনো নথকাৰ সুযোগতে নদীত জপিয়াই আত্মহত্যা কৰে লোকজনে ৷ বৰ্তমানলৈকে নিহতৰ পৰিচয় উদ্ধাৰ কৰিব পৰা নাই স্থানীয় লোক তথা আৰক্ষীয়ে ৷
লগতে চাওকঃ টি-20 মহিলা ক্ৰিকেট বিশ্বকাপৰ জ্বৰ