ETV Bharat / state

আৰক্ষীয়ে কবৰৰ পৰা খান্দি উলিয়ালে মৃতদেহ

দেওবাৰে সকলো সীমা চেৰাই গৈ লোকজনে নিজৰ কনমানি কন্য়া সন্তানক হত্য়া কৰি কবৰস্থ কৰা বুলি মহিলাগৰাকীৰ পিতৃপৰিয়ালে অভিযোগ উত্থাপন কৰি আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে ৷

dead-body-exhumed-from-the-grave
মৰোণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে কবৰৰ পৰা খান্দি উলিয়ালে মৃতদেহ
author img

By

Published : Sep 2, 2020, 8:41 PM IST

কৰিমগঞ্জ, 2 চেপ্টেম্বৰ : কৰিমগঞ্জ জিলাৰ কালিগঞ্জ অঞ্চলত দেওবাৰে সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা ৷ এগৰাকী পিতৃৰ বিৰুদ্ধে উত্থাপিত হৈছে নিজৰ ন‘ মহীয়া কন্যা সন্তানৰ হত্যাৰ অভিযোগ ৷ কন্যা সন্তান হৈ জন্ম লোৱাই যেন পাপ আছিল এটি কন্যা শিশুৰ ৷ পুত্ৰ সন্তানৰ আশাত এহাল দম্পত্তিয়ে জন্ম দিছিল চাৰিগৰাকীকৈ কন্যা সন্তান ৷ কিন্তু চতুৰ্থটি কন্যা সন্তান জন্মৰ পাছতে নিজৰ পত্নীৰ ওপৰত শাৰিৰীক, মানসিক অত্যাচাৰ চলাই আহিছিল ওচমান আলি নামৰ লোকজনে ৷ কিন্তু দেওবাৰে সকলো সীমা চেৰাই গৈ লোকজনে নিজৰ কনমানি কন্য়া সন্তানক হত্য়া কৰি কবৰস্থ কৰা বুলি মহিলাগৰাকীৰ পিতৃপৰিয়ালে অভিযোগ উত্থাপন কৰি আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে ৷

মৰোণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে কবৰৰ পৰা খান্দি উলিয়ালে মৃতদেহ

উক্ত গোচৰৰ ভিত্তিত আদালতৰ নিৰ্দেশত আৰক্ষী আৰু দণ্ডাধীশৰ উপস্থিতিত কণমানিটিৰ মৃতদেহ কবৰৰ পৰা উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ ইতিমধ্যে আৰক্ষী সমগ্ৰ ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷ আনহাতে পলাতক অৱস্থাত আছে অভিযুক্ত ওচমান আলী ৷

লগতে পঢ়ক : চীনে এলএচিত দ্বি-পাক্ষিক চুক্তি,প্ৰ’টকল ভংগ কৰিছে: ভাৰতৰ প্ৰত্যুত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.