ETV Bharat / state

সান্ধ্য আইন উলংঘা কৰাৰ অভিযোগত চীল হ’ল বিবাহ ভৱন

ত্ৰিপুৰাৰ ৰাজধানী চহৰ আগৰতলাত সোমবাৰে দুটাকৈ বিবাহ ভৱনত সান্ধ্যআইন উলংঘা কৰি অবৈধ ভাৱে বিয়াৰ অনুষ্ঠান চলাই থকা হৈছিল ৷ ক’ভিড প্ৰট’কল ভংগ কৰি অনুষ্ঠান চলোৱাৰ অভিযোগ লাভ কৰি আগৰতলাৰ পশ্চিম জিলাৰ উপায়ুক্ত শৈলেশ যাদৱৰ নেতৃত্বত ভৱন দুটাত অভিযান চলাই এবছৰৰ বাবে চীল কৰা হয় ৷

DC raid on marriage party at agartala
সান্ধ্যআইন উলংঘা কৰাৰ অভিযোগত চীল হ’ল বিবাহ ভৱন
author img

By

Published : Apr 27, 2021, 9:02 PM IST

কৰিমগঞ্জ, 27 এপ্ৰিল : দেশ জুৰি কৰ’ণা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । বিশ্বৰ ভিতৰতে ভাৰতে ক’ভিড পজিটিভ ৰোগীৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰিছে । তেনে সময়তে একাংশৰ কাণ্ডজ্ঞানহীনতাই আচৰিত কৰিছে সভ্য সমাজক । দেশৰ বহু প্ৰান্তত কৰ’ণা অতিমাৰিৰ ফলত লক ডাউন দিয়াৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । তেনে সময়ত একাংশই ক’ভিড প্ৰট‘কল ভংগ কৰি সমাজলৈ বিপদ মাতি আনিছে ৷

DC raid on marriage party at agartala
সান্ধ্যআইন উলংঘা কৰাৰ অভিযোগত চীল হ’ল বিবাহ ভৱন

তেনে এক ঘটনা সংঘটিত হৈছে ত্ৰিপুৰাৰ ৰাজধানী চহৰ আগৰতলাত ৷ আগৰতলাত নৈশ সান্ধ্য আইন চলি থকাৰ মাজতে সোমবাৰে দুটাকৈ বিবাহ ভৱনত অবৈধ ভাৱে সান্ধ্যআইন উলংঘা কৰি বিয়াৰ অনুষ্ঠান চলাই থকা হৈছিল ৷ ক’ভিড প্ৰট’কল ভংগ কৰি অনুষ্ঠান চলোৱাৰ অভিযোগ লাভ কৰি সোমবাৰ নিশা ৰাজধানী আগৰতলাৰ পশ্চিম জিলাৰ উপায়ুক্ত শৈলেশ যাদৱৰ নেতৃত্বত ভৱন দুটাত অভিযান চলায় ৷

অভিযানত গোলাপ বাগান আৰু মানিক্য কোৰ্ট নামৰ দুই বিবাহ ভৱনে ক’ভিড বিধি উলংঘা কৰাৰ অপৰাধত জিলা উপায়ুক্ত শৈলেশ যাদৱে দুয়োটা বিবাহ ভৱন এবছৰৰ বাবে চীল কৰি দিয়ে ৷ এই ঘটনাই সমগ্ৰ ত্ৰিপুৰাতে চৰ্চা লাভ কৰিছে ৷

লগতে পঢ়ক: মঙলবাৰৰ নিশাৰ পৰা ৰাজ্যত বলৱৎ হ'ব সান্ধ্য আইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.