কৰিমগঞ্জ, 28 ছেপ্তেম্বৰ : কৰিমগঞ্জ জিলাৰ প্ৰায় 60 শতাংশ পানী যোগান আঁচনি দীৰ্ঘ বছৰ ধৰি বন্ধ অৱস্থাত আছে । বন্ধ হৈ থকা আঁচনি সমূহ সুচল কৰি তুলিবলৈ আহৰি নাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ । বন্ধ হৈ থকা আঁচনি সমূহ পুনৰ উজ্জীৱিত কৰিবলৈ বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক আবেদন কৰাৰ পিচতো বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ ৷
উল্লেখ্য যে, বিগত দহ বছৰ ধৰি জিলাখনৰ কলকলিঘাট পানী যোগান আঁচনি বন্ধ অবস্থাত আছে । পাঁচখন গাঁৱৰ একমাত্ৰ ভৰষা কলকলিঘাট পানী যোগান আঁচনি বন্ধ হোৱাৰ ফলত ৰাইজে পুখুৰী,নলা আদিৰ পানী খাই জীৱন অতিবাহিত কৰিবলগীয়া হৈছে । যাৰবাবে পানীৰ পৰা বিভিন্ন ৰোগৰ কৱলত পৰিব লগা হৈছে অঞ্চলটোৰ লোক সকলে ।
জিলাখনত বিয়াগোম এটা জনস্বাস্থ্য কাৰিকৰী বিভাগ থকাৰ পিচতো জিলাখনৰ বিকল হৈ থকা পানী যোগান আঁচনি সমূহ ব্যৱহাৰৰ উপযোগী নকৰাৰ বাবে বৰ্তমান চিন্তিত হৈ পৰিছে ৰাইজ ৷
লগতে পঢ়ক : বাঢ়নি পানীয়ে উটোৱাই নিলে মাজুলীৰ শালমৰা-বনগাঁও সংযোগী দলং