কৰিমগঞ্জ,28 অক্টোবৰ: ক'ভিড প্ৰটকল ভৰিৰে মোহাৰি মংগলবাৰৰ নিশা কৰিমগঞ্জ চহৰৰ ৰাজপথলৈ উলাই আহিল হাজাৰ হাজাৰ জনতা । প্ৰশাসনৰ ভুমিকাত ক্ষোভিত চহৰৰ সচেতন মহল । প্ৰশাসনে বান্ধি দিয়া নীতি নিয়মৰ মাজেৰে কৰ'নাসৃষ্ট জটিল পৰিবেশৰ মাজত এইবাৰ অনুষ্ঠিত হল শাৰদীয় দূৰ্গাপূজা । পূজাৰ চাৰিদিন কৰিমগঞ্জ চহৰৰ পৰিবেশ একপ্ৰকাৰ ঠিকেই আছিল । কিন্তু বিসৰ্জনৰ দ্বিতীয় দিনা সকলো সীমা অতিক্ৰম কৰিলে কৰিমগঞ্জৰ সভ্য সমাজে । প্ৰশাসনৰ ফালৰ পৰা বিসৰ্জনৰ বাবে কেৱল দহজন লোক উপস্থিত থকাৰ নীতি নিয়ম বান্ধি দিয়া হৈছিল যদিও যোৱা নিশা দেখা গল ইয়াৰ সম্পূৰ্ণ ওলোটা দৃশ্য ।
![COVID PROTOCOL VIOLATED.](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9338980_jgfjgyk.jpg)
চহৰখনৰ প্ৰতিটো গলিত ক'ভিড প্ৰটকল ভৰিৰে মোহাৰি ডিজে'ৰ তালে তালে উন্মাদ নৃত্য পৰিবেশন কৰিলে কৰিমগঞ্জ চহৰৰ শিক্ষিত ৰাইজে । সামাজিক দূৰত্বটো বাদেই, কোনো এজনৰ মুখত দেখা নগ'ল মাস্ক । সম্প্ৰতি ৰাজ্যত কৰ'না আক্ৰান্ত ৰোগীৰ সংখ্যা কমিব ধৰিছে যদিও, কৰিমগঞ্জ চহৰৰ দূৰ্গা প্ৰতিমা বিসৰ্জনৰ পিছত চহৰখনৰ কি অৱস্থা হ'ব সেয়া এতিয়া ডাঙৰ প্ৰশ্ন ।
![COVID PROTOCOL VIOLATED.](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9338980_ftjty.jpg)
দূৰ্গা পূজাৰ পূৰ্বে প্ৰশাসনে যি নীতি নিয়ম বান্ধি দিছিল, মংগলবাৰে নিশা সেই কৰিমগঞ্জ প্ৰশাসনৰ চকুৰ সম্মুখতে ক'ভিডৰ নীতি নিয়ম ভৰিৰে মোহাৰি হাজাৰ হাজাৰ জনতাই নৃত্য পৰিবেশন কৰাৰ পাছতো কুম্ভৰ নিদ্ৰাত মগ্ন আছিল কৰিমগঞ্জ জিলা প্ৰশাসন । এই ঘটনাৰ পিছত যদি কৰিমগঞ্জ জিলাত কৰ'নাই ভয়ংকৰ ৰূপ ধাৰণ কৰে, তেন্তে কোন দায়ী হব ? সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা কিছু ভিডিঅ' এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে । প্ৰশ্ন উত্থাপিত হৈছে, ক'ভিড প্ৰটকল বান্ধি দিয়া প্ৰশাসনে নিশা ক‘ত আছিল ?
লগতে পঢ়ক: কলীয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি 40 ফুট তলত পৰিল টেংকাৰ