ETV Bharat / state

ত্ৰিপুৰাত BSF জোৱানৰ দেহত COVID-১৯ ! - ধলাই জিলা

ত্ৰিপুৰাত বৃদ্ধি পালে কৰ'ণা আক্ৰান্তৰ সংখ্যা । BSF জোৱানৰ দেহত COVID-১৯ । ধলাই জিলাৰ আমবাছা ১৩৮ নং বিএছএফ ইউনিটত হাহাকাৰ পৰিস্থিতি ।

COVID Positive Cases increase in Tripura

author img

By

Published : May 5, 2020, 9:54 AM IST

কৰিমগঞ্জ, ৫ মে': ত্ৰিপুৰাত বৃদ্ধি পালে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা । তিনিদিনত ২৭ জন জোৱানৰ দেহত ধৰা পৰিল COVID-১৯ ৰ অৱস্থিতি । সোমবাৰৰ নিশা ১৩ জন জোৱানৰ দেহত কৰ'ণাৰ অৱস্থিতি ধৰা পৰাৰ তথ্য সদৰি কৰিলে মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে ।

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ টুইট

বৰ্তমান ত্ৰিপুৰাত কৰ'ণা আক্ৰান্তৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাই হৈছে ২৯ জনলৈ । ইয়াৰে পূৰ্বে আক্ৰান্ত হোৱা দুজন ব্যক্তি সুস্থ হৈ নিজ ঘৰলৈ উভতি যাবলৈ সক্ষম হৈছিল । এই ঘটনাৰ পাচতেই ১০২ জন জোৱানৰ তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে । এতিয়ালৈকে ১৩৮ নং বিএছএফ ইউনিটৰ ২৭ জন জোৱানৰ কৰ'ণা পজিটিভ পোৱা গৈছে ।

প্ৰথমে আক্ৰান্ত হোৱা জোৱান দুজনক আগৰতলাৰ জিবি হাস্পতালত চিকিৎসা প্ৰদান কৰি থকা হৈছে । বাকি নতুনকৈ আক্ৰান্ত হোৱা ২৫ জন জোৱানক আছুতীয়াকৈ ৰখা হৈছে কেম্পৰ ভিতৰতে ।

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ

উল্লেখ্য যে, জোৱান সকলৰ মাজত আৰু COVID- ১৯ পজিটিভ পোৱাৰ আশংকা কৰা হৈছে । ৰাজ্যবাসীক আতংকিত নহ'বলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.