কৰিমগঞ্জ,16 জানুৱাৰী: দেশৰ অন্য প্ৰান্তৰ লগতে শনিবাৰে কৰিমগঞ্জ জিলাত ক'ভিড-19 প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ কৰা হয় ৷ জিলা উপায়ুক্ত তথা অন্যান্য সংশ্লিষ্ট বিষয়ববীয়াসকলৰ উপস্থিতিত যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অনুপ দৈত্যাৰীক প্ৰথমে প্ৰতিষেধক প্ৰদান কৰাৰ পাছতে জিলাখনত প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ কৰা হয় ৷
জানিব পৰা মতে, প্ৰথম পৰ্যায়ত জিলাখনত মুঠ 3340 গৰাকী স্বাস্থ্য কৰ্মীক জিলা সদৰ অসামৰিক চিকিৎসালয় আৰু পাথাৰকান্দি মডেল স্বাস্থ্য কেন্দ্ৰত প্ৰতিষেধক প্ৰদান কৰা হ'ব ৷ শনিবাৰৰ দিনটোত কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত 100 গৰাকী স্বাস্থ্যকৰ্মীক প্ৰতিষেধক প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয় ৷
স্বাস্থ্যকৰ্মীসকলে জানিবলৈ দিয়া মতে প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছত ব্যক্তিসকলে আধা ঘন্টা সময় জিৰণি ল'ব লাগিব ৷ জানিব পৰা মতে পাথাৰকান্দি চিকিৎসালয়ত প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছতে এগৰাকী নাৰ্চ কিছু সময়ৰ বাবে অচেতন হৈ পৰে ৷ অৱশ্যে প্ৰায় আধা ঘন্টা পাছত তেওঁ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে ৷ অধিক চিন্তাৰ ফলতে নাৰ্চগৰাকী এনেদৰে অচেতন হৈ পৰে বুলি পাথাৰকান্দি স্বাস্থ্য কেন্দ্ৰৰ মুখ্য চিকিৎসক গৰাকীয়ে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক:বৰপেটাৰ যুটীয়া স্বাস্থ্য সঞ্চালকে প্ৰথমে গ্ৰহণ কৰিলে ক‘ভিড-19ৰ ভেকচিন