ETV Bharat / state

ত্ৰিপুৰা সীমান্তত জব্দ বৃহৎ পৰিমাণৰ কফ চিৰাপ

author img

By

Published : Jul 7, 2022, 12:56 PM IST

নিশা কৰিমগঞ্জৰ অসম ত্ৰিপুৰা সীমান্তৰ চূড়াইবাড়িত জব্দ বৃহৎ পৰিমাণ নিচা জাতীয় কফ চিৰাপ (Cough syrup seized by assam police in Tripura Agartala) । গুৱাহাটীৰ পৰা আগৰতলালৈ যাওঁতে আৰক্ষীৰ তালাচীত জব্দ কফ চিৰাপখিনি ৷ কফ চিৰাপখিনিৰ বজাৰ মূল্য 16 লাখ টকাৰো অধিক ৷

cough-syrup-seized-by-police-at-karimganj
ত্ৰিপুৰা সীমান্তৰ চূড়াইবাড়িত জব্দ বৃহৎ পৰিমাণ নিচা জাতীয় কফ চিৰাফ

কৰিমগঞ্জ, 7 জুলাই: ৰাজ্যত অব্যাহত আছে নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান ৷ বাৰ ঘণ্টাৰ ভিতৰত পুনৰ আৰক্ষীৰ নিচা বিৰোধী অভিযানত সফলতা । নিশা কৰিমগঞ্জৰ অসম ত্ৰিপুৰা সীমান্তৰ চূড়াইবাড়িত জব্দ বৃহৎ পৰিমাণৰ নিচা জাতীয় কফ চিৰাপ (Cough syrup seized in Tripura Border)।

গুৱাহাটীৰ পৰা আগৰতলালৈ যাওঁতে অসম আৰক্ষীৰ ৰুটিন তালাচীত জব্দ কফ চিৰাপখিনি । TR 01 AK 1721 নম্বৰৰ নেচনেল ৰোড ওয়েজ কৰ্পোৰেশনৰ অধীনত চলা গাড়ীখনৰ পৰা উদ্ধাৰ হয় কফ চিৰাপখিনি।

সৰ্বমুঠ বিশ কাৰ্টন কফ চিৰাপ জব্দ কৰা হৈছে (Twenty carton cough syrup seized)। বিশ কাৰ্টনত মুঠ তিনি হেজাৰ বটল কফ চিৰাপ আছিল যাৰ বজাৰ মূল্য 16 লাখ টকাৰো অধিক। আটক কৰা হৈছে গাড়ীখনৰ চালকক ৷ ত্ৰিপুৰা ৰাজ্যৰ তেলিয়ামূৰাৰ ধৃত সৰবৰাহকাৰী সঞ্জীত দাসক আটক কৰি সোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

ইপিনে আৰক্ষীয়ে নিজাববীয়াকৈ এনডিপিএছ এক্টত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে । উল্লেখযোগ্য যে, কালি 50 লাখ টকাৰ কফ চিৰাপ ভৰ্তি এখন ট্ৰাক আটক কৰিছিল চূড়াইবাড়ি আৰক্ষীয়ে আৰু পুনৰ নিশা আৰক্ষীয়ে এই অভিযানত সফলতা লাভ কৰে ।

লগতে পঢ়ক: চৰকাৰে প্ৰদান কৰা স্কুটীত উদ্ধাৰ ড্ৰাগছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.