ETV Bharat / state

পাথাৰকান্দি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰক কন্টইনমেন্ট জ’ন ঘোষণা

author img

By

Published : Aug 4, 2020, 5:37 PM IST

কৰিমগঞ্জত দিনক দিনে কৰ’ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ পাথাৰকান্দি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পুনৰ 5 গৰাকী চিকিৎসক আৰু নাৰ্চৰ দেহত ক’ভিড-19 পজিটিভ পোৱা গৈছে ৷ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যই বিৰাজ কৰিছে ৷

containment-zone-declerations-karimganja-pathar-kandi-hospital
পাথাৰকান্দি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰক কন্টইনমেন্ট জ’ন ঘোষণা

কৰিমগঞ্জ,4আগষ্টঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কৰিমগঞ্জতো ভ্ৰমণ বৃত্তান্ত নথকা লোকৰ, কৰ’ণাত আক্ৰান্ত হোৱাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । সোমবাৰে জিলাখনত নতুনকৈ 55 গৰাকীৰ দেহত ক’ভিড-19 পজিটিভ পোৱা গৈছে ।

ইপিনে পাথাৰকান্দি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পুনৰ 5 গৰাকী চিকিৎসক আৰু নাৰ্চৰ দেহত কৰ’ণাৰ উপস্থিতি ধৰা পৰাৰ পিচতেই বন্ধ কৰি দিয়া হৈছে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো । উল্লেখযোগ্য যে, চিকিৎসালয় খনত সৰ্বমুঠ 7 গৰাকী ক’ভিড আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছিল ৷ যাৰ ফলত চিকিৎসালয় খনৰ লগতে লগতে ইয়াৰ চাৰিওফালে 500 মিটাৰ ব্যাসাৰ্ধ এলেকা কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে। আনহাতে চিকিৎসালয় খনত চিকিৎসক আৰু নাৰ্চ কৰ’ণা পজিটিভ ধৰা পৰাৰ পিচতেই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হোৱা দেখা গৈছে ।

লগতে পঢ়কঃ ফিল'বাৰীত দুখনকৈ অবৈধ কুণ্ডাভৰ্তি বাহন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.