ETV Bharat / state

বৰাকত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Sep 25, 2020, 10:04 PM IST

বিগত দিনত কৰিমগঞ্জত উপস্থিত হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন আচনিৰ ৰূপায়ন কৰাৰ কথা কৈছিল যদিও কাৰ্যত সেইয়া হৈ নুঠাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে ৷

Congress workers protest at Borak valley against Himanta Bishwa Sarma
বৰাকত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

কৰিমগঞ্জ,25 ছেপ্তেম্বৰ: দুদিনীয় ভ্ৰমণসূচীৰে শুকুৰবাৰে বৰাক উপত্যকাত উপস্থিত হৈছে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ কিন্তু কৰিমগঞ্জত মন্ত্ৰী গৰাকী উপস্থিত হোৱাৰ পাছতেই কৰিমগঞ্জৰ বিভিন্ন স্থানত বিক্ষোভ প্ৰদৰ্শন কৰে কংগ্ৰেছ দলে ৷ পাথাৰকান্দি বাইপাছ চাৰিআলিত কংগ্ৰেছ কৰ্মী সকলে বিক্ষোভ প্ৰদৰ্শন কৰাৰ লগতে ৰাতাবাৰীৰ আনিপুৰত যুৱ কংগ্ৰেছ আৰু আমছুয়ে দাহ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি ৷ ইয়াৰ মাজতেই পাথাৰকান্দিৰ পৰা আৰক্ষীয়ে আটক কৰিলে প্ৰাক্তন সংসদীয় সচিব মনিলাল গোয়ালাকে ধৰি কেইবাজনো কংগ্ৰেছ কৰ্মীক ৷

উল্লেখ্য যে, হিমন্ত বিশ্ব শৰ্মাক মিছলীয়া আখ্যা দি, হিমন্ত বিশ্ব শৰ্মা গ' বেক ধ্বনিৰে পাথাৰকান্দি আৰু ৰাতাবাৰী সমষ্টিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে ৷ বিগত দিনত কৰিমগঞ্জত উপস্থিত হৈ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন আচনিৰ ৰূপায়ন কৰাৰ কথা কৈছিল যদিও কাৰ্যত সেইয়া হৈ নুঠাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে ৷ উল্লেখ্য যে, কাছাৰ চেনি কল, 8 নং ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়ন, কৰিমগঞ্জত মেডিকেল কলেজ স্থাপন, পথৰ উন্নয়ন আদিকে ধৰি বিভিন্ন আঁচনিৰ আশ্বাস দিছিল মন্ত্ৰী গৰাকীয়ে ৷ কিন্তু সেই প্ৰতিশ্ৰুতি সমুহে বাস্তৱ ৰূপ নোলোৱাত মন্ত্ৰী গৰাকীক মিছলীয়া আখ্যা দি ক্ষোভ উজাৰিলে কংগ্ৰেছ কৰ্মী সকলে ৷

লগতে পঢ়ক: স্বাস্থ্য সেৱাৰ নামত বিলাসীপাৰাত ভেঙুচালি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.