ETV Bharat / state

কৰিমগঞ্জত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা আয়োজনক লৈ সৰৱ কংগ্ৰেছ

কৰিমগঞ্জ জিলা ক্ৰীড়া সংস্থাৰ খেল পথাৰত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰাৰ লৈ বুধবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কংগ্ৰেছৰ ৷ জিলা ক্ৰীড়া সন্থাই আয়োজন কৰা ক্ৰিকেট টুৰ্ণামেণ্টৰ বাবে উক্ত সময়ত সভা অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰা নাছিল যদিও জিলা উপায়ুক্তই এই খেল পথাৰখন সভাৰ বাবে অধিগ্ৰহণ কৰে ।

author img

By

Published : Dec 17, 2020, 7:58 AM IST

congress protest in karimganj
কৰিমগঞ্জত কংগ্ৰেছৰ প্ৰতিবাদ

কৰিমগঞ্জ,17 ডিচেম্বৰ : কৰিমগঞ্জত বুধবাৰে জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত প্ৰতিবাদ সাব্যস্ত কৰে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থসহ কংগ্ৰেছ নেতৃত্বই ৷ আগন্তুক 23 আৰু24 ডিচেম্বৰত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হোৱাক লৈ সৰৱ হৈ পৰিছে জিলা কংগ্ৰেছ ৷

উক্ত সভাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহুকেইজন মন্ত্ৰী আৰু সাংগঠনিক পদাধিকাৰী ।

কৰিমগঞ্জত কংগ্ৰেছৰ প্ৰতিবাদ

উল্লেখ্য যে, কৰিমগঞ্জ জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰত অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়া হয় সভাখন ৷ কিন্তু জিলা ক্ৰীড়া সন্থাই আয়োজন কৰা এখন ক্ৰিকেট টুৰ্ণামেণ্টৰ বাবে উক্ত সময়ত সভা অনুষ্ঠিত কৰিবলৈ ক্ৰীড়া সন্থাই অনুমতি প্ৰদান কৰা নায় ৷

ইয়াৰ পাচতেই কৰিমগঞ্জ জিলা উপায়ুক্তই এই খেলপথাৰখন সভাৰ বাবে অধিগ্ৰহণ কৰে । এই ঘটনাৰ তীব্ৰ বিৰোধিতা কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে কংগ্ৰেছে ৷

লগতে পঢ়ক : জনতাৰ দৃষ্টি এতিয়া বি টি আৰ চুক্তিৰ ৰূপায়ণ পৰ্বত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.