কৰিমগঞ্জ, 24 জুন: ৰাজ্যৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে তীব্ৰ অসন্তষ্টি প্ৰকাশ কৰিছে কংগ্ৰেছে ৷ বিশেষকৈ বৰাকত দুটাকৈ সমষ্টিৰ বিলুপ্তিকৰণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছে ৷ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ এই প্ৰক্ৰিয়াক স্বেচ্ছাচাৰী বুলিও আখ্যা দিছে কংগ্ৰেছ দলে ৷
সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰুদ্ধে বৰাকত শীঘ্ৰেই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব কংগ্ৰেছে ৷ শনিবাৰে শিলচৰত অনুষ্ঠিত হোৱা 3 জিলা সমিতিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ এই বৈঠকত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, বৰাখলাৰ বিধায়ক মিছবাহুল ইছলাম লস্কৰ, কাছাৰ জিলা কংগ্ৰেছৰ সভাপতি অভিজিৎ পাল, কৰিমগঞ্জ কংগ্ৰেছৰ সভাপতি ৰজত চক্ৰৱৰ্তী, হাইলাকান্দি কংগ্ৰেছৰ সভাপতি চামছুদ্দিন বৰলস্কৰৰ লগতে দলৰ জ্যেষ্ঠ নেতা-কৰ্মীসকল উপস্থিত থাকে ৷ শিলচৰ জিলা কংগ্ৰেছ কাৰ্যালয়ত অনুষ্ঠিত হয় এই বৈঠক ৷
বৈঠকত উপস্থিত থাকি কমলাক্ষ দে’ পুৰকায়স্থই কয় যে, নিবনুৱা যুৱক-যুৱতীয়ে বিজেপিৰ কাৰ্যালয় দোকান খুলিব লাগে ৷ সমষ্টিৰ পুনৰ নিৰ্ধাৰণ স্বেচ্ছাচাৰী আৰু সাম্প্ৰদায়িক বুলি মন্তব্য কৰি কমলাক্ষ দে’ পুৰকায়স্থই কয় যে ঘৰতে এই খচৰা প্ৰস্তুত কৰিলে মুখ্যমন্ত্ৰীয়ে ৷ সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয় যে বিজেপিৰ কাৰ্যালয়ত তলা লগোৱাৰ প্ৰয়োজন আছে ৷ বিজেপিৰ কাৰ্যালয়ত দোকান-পোহাৰ স্থাপন কৰিব লাগে ৷ নিবনুৱা যুৱক-যুৱতীসকলে দোকান স্থাপন কৰি ব্যৱসায় কৰিব পাৰে ৷ লগতে বিধায়কজনে কয় যে, অসমৰ মুখ্যমন্ত্ৰীয়ে ঘৰতে সীমা নিৰ্ধাৰণ কৰিলে ৷ ডাবল ইঞ্জিন চৰকাৰৰ শাসনত বৰাকৰ দুটা সমষ্টি হ্ৰাস কৰা হৈছে ৷ এয়াই বৰাকৰ বিকাশ ৷ কমলাক্ষ দে’ পুৰকায়স্থই কয় যে সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ কংগ্ৰেছ দল অসন্তুষ্ট, গতিকে গণতান্ত্ৰিকভাৱে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হ’ব ৷
বৈঠকত উপস্থিত থাকি সমষ্টিৰ পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত জিলা কংগ্ৰেছৰ বিষয়-ববীয়া সকলে কয় যে এই প্ৰক্ৰিয়া সাম্প্ৰদায়িক হ’লে কংগ্ৰেছে কোনো কাৰণতে সহ্য নকৰে ৷ উল্লেখযোগ্য যে, দেওবাৰৰ পৰা বৰাকৰ তিনিখন জিলাত কংগ্ৰেছৰ নেতৃত্বত সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে আৰম্ভ হ’ব গণতান্ত্ৰিক আন্দোলন ৷
লগতে পঢ়ক: Constituency Delimitation: সমষ্টিৰ পুনৰ নিৰ্ধাৰণ; বৰাকত প্ৰতিবাদৰ ঢৌ