ETV Bharat / state

হিন্দু-মুছলমানৰ ভোটক লৈ সামাজিক মাধ্যমত চৰ্চা

author img

By

Published : Feb 28, 2021, 11:50 AM IST

হিন্দু-মুছলমানৰ ভোট সন্দৰ্ভত ভুৱা প্ৰচাৰ সামাজিক মাধ্যমত ৷ হিন্দু ভোট কৰিমগঞ্জৰ কংগ্ৰেছক নেলাগে বুলি এটা ভুৱা ভিডিঅ’ প্ৰচাৰৰ বিৰুদ্ধে কৰিমগঞ্জৰ জিলা কংগ্ৰেছৰ সভাপতি সতু ৰয়ে শনিবাৰে 4 জন লোকৰ বিৰুদ্ধে কৰিমগঞ্জ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৷

হিন্দু-মুছলমানৰ ভোটক লৈ সামাজিক মাধ্যমত চৰ্চা
হিন্দু-মুছলমানৰ ভোটক লৈ সামাজিক মাধ্যমত চৰ্চা

কৰিমগঞ্জ,28 ফেব্ৰুৱাৰী: বহু অপেক্ষাৰ অন্তত শুকুৰবাৰে ঘোষণা হ’ল 2021 ৰ অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ৷ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতেই এতিয়া তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলৰ মাজত ৷ তাৰ মাজতেই সামাজিক মাধ্যমত একাংশই চলাই আছে অপ-প্ৰচাৰ ৷ এইবাৰ হিন্দু-মুছলমানৰ ভোটক লৈ সৃষ্টি হৈছে বিতৰ্কৰ ৷

হিন্দু-মুছলমানৰ ভোট সন্দৰ্ভত ইজনে সিজনৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলকভাৱে প্ৰচাৰ আৰম্ভ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে কৰিমগঞ্জ জিলা কংগ্ৰেছৰ সভাপতি সতু ৰয়ে ৷ কৰিমগঞ্জৰ জিলা কংগ্ৰেছৰ সভাপতি গৰাকীৰ মতে, হিন্দু ভোট কৰিমগঞ্জৰ কংগ্ৰেছক নেলাগে বুলি এটা ভুৱা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷ যাৰ বাবে সতু ৰয়ে শনিবাৰে এক এজাহাৰ দাখিল কৰিছে ৷ এই এজাহাৰত 4 জন লোকৰ নাম সন্নিৱিষ্ট কৰা হৈছে ৷ আৰক্ষীয়ে এই সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়কঃ "মহাজোঁট"ত চামিল হ'ব বিপিএফঃ টুইট যোগে ঘোষণা হাগ্ৰামাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.