ETV Bharat / state

কৰিমগঞ্জত অংগনবাদী কেন্দ্ৰ পৰিচালনা কমিটী গঠনৰ নামত মইমতালি - মহাকল অংগনাবাড়ী কেন্দ্ৰ

কৰিমগঞ্জত ৭৮নং মহাকল অংগনাবাদী কেন্দ্ৰৰ নতুন পৰিচালনা কমিটী গঠনৰ বিৰোধিতাৰে ৰাইজৰ প্ৰতিবাদ । চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নিৰ্দেশলৈ অংগুষ্ঠ প্ৰদৰ্শন কৰি পৰিচালনা কমিটী গঠন কৰাৰ অভিযোগ অভিভাৱকৰ । নতুন পৰিচালনা কমিটী বাতিলৰ দাবী ।

কৰিমগঞ্জত অংগনাবাড়ী কেন্দ্ৰ পৰিচালনা কমিটী গঠনৰ নামত মইমতালি

author img

By

Published : Oct 5, 2020, 2:30 PM IST

কৰিমগঞ্জ, ৫অক্টোবৰ : কৰিমগঞ্জত ৭৮নং মহাকল অংগনাবাদী কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি । অভিভাৱকৰ অজ্ঞাতে অংগনাবাদী কেন্দ্ৰৰ নতুন পৰিচালনা কমিটী গঠন কৰাত ক্ষুদ্ধ হৈ পৰে অভিভাৱকসকল । ৭৮নং মহাকল অংগনাবাদী কেন্দ্ৰৰ নতুন পৰিচালনা কমিটী গঠনৰ সুপাৰভাইজাৰ জাহানাৰা বেগমে সভা অনুষ্ঠিত কৰে । অভিভাৱকৰ লগত আলোচনা নকৰাকৈ নতুন পৰিচালনা কমিটী গঠন কৰি সভাপতিও নিৰ্বাচিত কৰে । ইয়াৰ পিছতে ক্ষোভিত হৈ পৰে অভিভাৱকসকল । শীঘ্ৰে এই পৰিচালনা কমিটীৰ স্বীকৃতি বাতিল কৰিবলৈ দাবী জনায় ।

এই বিষয়ে বিজেপি নেতা বিশ্বৰূপ ভট্টাচাৰ্যকো অৱগত কৰাইছে অভিভাৱকসকলে । আনহাতে, দীৰ্ঘদিন ধৰি কৰিমগঞ্জৰ বিভিন্ন অংগনাবাদী কেন্দ্ৰত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে । শিশু খাদ্য নিদিয়া, কেন্দ্ৰ বন্ধ কৰি ৰখা আদি অভিযোগ তুলিছে অংগনাবাড়ী কেন্দ্ৰৰ কৰ্মী-সহায়িকাৰ বিৰুদ্ধে । অংগনাবাড়ী কেন্দ্ৰ পৰিচালনাৰ নামত কৰ্মী-সহায়িকাই মইমতালি কৰি আহিছে বুলি কৈ ক্ষোভিত হৈ পৰে অভিভাৱকসকল ৷

লগতে পঢ়ক : লিকাবালিত ভয়ংকৰ ঘটনাঃ বাঢ়নী পানীয়ে উটুৱাই নিলে 3 ডাম্পাৰ চালকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.