ETV Bharat / state

এছ.আই. প্ৰশ্নকাকত কেলেংকাৰীৰ কৰিমগঞ্জ সম্পৰ্ক ! - অক্ষয় টেলিকমিউনিকেশ্যন

17 ছেপ্টেম্বৰ তাৰিখে কৰিমগঞ্জৰ আৰ অ‘ই দুজন আৰক্ষী কৰ্মীক লগত লৈ প্ৰশ্নকাকত আনিবলৈ গুৱাহাটীলৈ যাত্ৰা কৰিছিল ৷ 18 তাৰিখে সন্ধিয়া প্ৰশ্নকাকত লৈ এওলোক আহি পাইছিল কৰিমগঞ্জ ৷ প্ৰশ্ন কাকতৰ গাড়ীৰ পিছে পিছে ইনভালৈ আহি আছিল হাজৰিকা ৷

cid oparation at karimganj sp office
এছ.আই. প্ৰশ্নকাকত কেলেংকাৰীৰ কৰিমগঞ্জ সম্পৰ্ক !
author img

By

Published : Oct 13, 2020, 7:59 PM IST

Updated : Oct 13, 2020, 9:09 PM IST

কৰিমগঞ্জ, 13 অক্টোবৰ : আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ কেলেংকাৰী সন্দৰ্ভত নিতৌ নতুন নতুন তথ্য পোহৰলৈ আহিছে। যোৱা ২০ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা বিতৰ্কিত পৰীক্ষাৰ কেলেংকাৰিৰ তদন্ত অব্যাহত ৰাখিছে CIDয়ে। প্ৰশ্নকাকত ফাদিলৰ সূত্ৰপাত কৰিমগঞ্জ আৰক্ষীৰ পৰাই হোৱা বুলি CIDয়ে সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে এই কেলেংকাৰীৰে বহু নামী-দামী লোকৰ নাম জড়িত হৈ পৰিছে।

খলনায়ক পি কে দত্ত, দিবন ডেকা আৰক্ষীৰ জালত পৰাৰ পিছতে আচৰিতভাৱে অক্ষয় টেলিকমিউনিকেশ্যনৰ অংশীদাৰ ৰুবুল হাজৰিকা আৰু সৰোজ শৰ্মায়ো আত্মসমৰ্পণ কৰে। আটাইকেইজনে প্ৰশ্নকাকত ফাদিলক লৈ মুখ খুলিছে। পি কে দত্ত,দিবন ডেকা,ৰুবুল হাজৰিকা,সৰোজ শৰ্মাৰ স্বীকাৰোক্তিৰ ভিত্তিত CIDয়ে কৰিমগঞ্জ আৰক্ষীৰ জিম্মাৰ পৰা প্ৰশ্নকাকত ফাদিল হোৱাৰ সন্দেহ কৰিছে। ইতিমধ্যে মঙলবাৰে CIDয়ে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অভিযান চলায় ৷ ৰুবুল হাজৰিকাৰ তথ্যৰ ভিত্তিত কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণ আৰু দুগৰাকী দেহৰক্ষীক সোধপোচ কৰে CIDয়ে ৷

cid oparation at karimganj sp office

জানিব পৰা মতে, 17 ছেপ্টেম্বৰ তাৰিখে কৰিমগঞ্জৰ আৰ অ‘ই দুজন আৰক্ষী কৰ্মীক লগত লৈ প্ৰশ্নকাকত আনিবলৈ গুৱাহাটীলৈ যাত্ৰা কৰিছিল ৷ 18 তাৰিখে সন্ধিয়া প্ৰশ্নকাকত লৈ এওলোক আহি পাইছিল কৰিমগঞ্জ ৷ প্ৰশ্ন কাকতৰ গাড়ীৰ পিছে পিছে ইনভালৈ আহি আছিল হাজৰিকা ৷ প্ৰশ্নকাকত প্ৰথমে আধাঘণ্টাৰ বাবে আৰক্ষী অধীক্ষককৰ বাংলোত ৰখা হৈছিল আৰু পৰৱৰ্তী সময়ত থানালৈ লৈ অনা হৈছিল ৷ আনহাতে প্ৰশ্ন কাকত ফাদিলৰ মাষ্টাৰ মাইণ্ডক কৰিমগঞ্জ চহৰৰ আহেলী হোটেলত ৰখা হৈছিল ৷ যাৰ পাছতেই প্ৰশ্নকাকতৰ ফটো লৈ মাষ্টাৰমাইণ্ড ৰুবুল হাজৰিকাই নিশা দুই বজাত হোটেল এৰি পলায়ন কৰিছিল ৷

লগতে পঢ়ক: অৱশেষত অক্ষয় চান্দ বৈদৰ গুদাম পৰিদৰ্শন বঙাইগাঁও জিলা প্ৰশাসনৰ

Last Updated : Oct 13, 2020, 9:09 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.