কৰিমগঞ্জ, 11 জুন : ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ ৷ এইবাৰ কৰিমগঞ্জৰ ৰামকৃষ্ণনগৰৰ বেলতলাৰ পৰা ৰাইজে জব্দ কৰে গৰু ভৰ্তি দুখনকৈ ট্ৰাক ।
উল্লেখ্য যে, বুধবাৰে কাজিৰঙাত চোৰাং গৰু সৰবৰাহ বন্ধৰ বাবে কঠোৰ ভাষাৰে সকিয়নী দিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক সকলক নিৰ্দেশ দিয়া হৈছে যে, কোনো এখন জিলাৰ মাজেৰে পাৰ হ’ব নোৱাৰিব গৰু কঢ়িওৱা ট্ৰাক ।
ঠিক তেনে সময়তে বুধবাৰ বিয়লি ভাগত ৰামকৃষ্ণ নগৰৰ পৰা স্থানীয় ৰাইজে আটক কৰে গৰু কঢ়িয়াই লৈ যোৱা AS 10 AC 3110 আৰু AS 10 AC 4112 দুখনকৈ মিনি ট্ৰাক । ট্ৰাক দুইখনত আছিল মুঠ আঠটা গৰু । ৰাইজে সন্দেহৱশত গৰুভৰ্তি বাহন দুখন জব্দ কৰে ৷ লগতে স্থানীৰ ৰাইজৰ সহযোগত আটক কৰে ট্ৰাক দুখনৰ চালকসহ তিনিজন গৰু সৰবৰাহকাৰীক ৷
উল্লেখ্য যে, বিগত কিছুদিন ধৰি ৰামকৃষ্ণ নগৰ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন এলেকাৰ পৰা প্ৰায় প্ৰতি নিশা গোহালিৰ পৰা চোৰ হৈ আহিছে গৰু, ম’হ আদিকে ধৰি বিভিন্ন পোহনীয়া জীৱ-জন্তু । এই সন্দৰ্ভত আৰক্ষীয়ে চলাই আছে অভিযান ৷
লগতে পঢ়ক: ধুবুৰীত ক’ভিড ডিউটিৰ নাম ফলক লগোৱা বাহনত জব্দ ড্ৰাগছ