কৰিমগঞ্জ, 24 জুলাইঃ বিক্ৰীকৰ বিভাগত কৰ্মৰত হৈ থকা অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবীত কৰিমগঞ্জ জিলাত প্ৰতিবাদ ৷ বিগত পোন্ধৰ বছৰে বিভাগটোত কৰ্মৰত হৈ থকা বহুসংখ্যক কৰ্মচাৰীয়ে তেঁওলোকৰ চাকৰি নিয়মীয়াকৰণৰ দাবী উত্থাপন কৰে ৷ কৰিমগঞ্জ জিলাৰ চুড়াইবাৰীস্থিত পুৰনি বিক্ৰীকৰ বিভাগৰ কাৰ্যালয় চৌহদত এই দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীসকলে ৷ কৰ্মচাৰীসকলে তেঁওলোকৰ চাকৰি নিয়মীয়াকৰণ নকৰিলে শীঘ্ৰেই ৰাজ্যিক কাৰ্যালয়টো প্ৰতিবাদ সাব্যস্ত কৰিব বুলি প্ৰকাশ কৰে ৷
কৰিমগঞ্জত বিক্ৰীকৰ বিভাগৰ অস্থায়ী কৰ্মীৰ প্ৰতিবাদ - Sales and Tax Department
কৰিমগঞ্জ জিলাৰ বিক্ৰীকৰ বিভাগত কৰ্মৰত অস্থায়ী কৰ্মচাৰীসকলে চাকৰি নিয়মীয়া কৰাৰ দাবীৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷
কৰিমগঞ্জ, 24 জুলাইঃ বিক্ৰীকৰ বিভাগত কৰ্মৰত হৈ থকা অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবীত কৰিমগঞ্জ জিলাত প্ৰতিবাদ ৷ বিগত পোন্ধৰ বছৰে বিভাগটোত কৰ্মৰত হৈ থকা বহুসংখ্যক কৰ্মচাৰীয়ে তেঁওলোকৰ চাকৰি নিয়মীয়াকৰণৰ দাবী উত্থাপন কৰে ৷ কৰিমগঞ্জ জিলাৰ চুড়াইবাৰীস্থিত পুৰনি বিক্ৰীকৰ বিভাগৰ কাৰ্যালয় চৌহদত এই দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীসকলে ৷ কৰ্মচাৰীসকলে তেঁওলোকৰ চাকৰি নিয়মীয়াকৰণ নকৰিলে শীঘ্ৰেই ৰাজ্যিক কাৰ্যালয়টো প্ৰতিবাদ সাব্যস্ত কৰিব বুলি প্ৰকাশ কৰে ৷
Body:বিক্ৰয়কৰ বিভাগত নিযুক্ত থকা ডাটা এণ্টৰী অপাৰেটৰ আৰু অস্থায়ী কৰ্মী সকলৰ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত আজি উত্তাল হৈ পৰে কৰিমগঞ্জ জিলাৰ চুড়াইবাৰী পুৰণি বিক্ৰয়কৰ বিভাগৰ কাৰ্যালয় চৌহদত।তেওঁলোকে জনায় অসম চৰকাৰৰ দ্বাৰা পৰিচালিত বিক্ৰয়কৰ বিভাগত যোৱা ১৪/১৫ বছৰ ধৰি অস্থায়ীভাবে কাম কৰি আহিছিল কিন্তু ভাৰত চৰকাৰৰ দ্বাৰা সদ্য প্ৰৱতীত পণ্য আৰু সেৱা কৰ(জিএছটি)প্ৰবৰ্তনৰ ফলত চেকগেট সমূহৰ বিলুপ্তি ঘটাৰ পিছত চাকুৰিও বিলুপ্ত হৈছে ।সুদীৰ্ঘকাল এই অস্থায়ী চাকুৰিত নিযুক্ত থকাৰ বাবে বহুতৰ চাকুৰীৰ আবেদন কৰাৰ সময়সীমাও নাই।এই অবস্থাত তেওঁলোক নিজৰ পৰিয়াল প্ৰতিপালন কৰাটোও কষ্টদায়ক হৈ পৰিছে ।গতিকে তেওঁলোকৰ চাকুৰী প্ৰদানৰ দাবীত আজি এই প্ৰতিবাদী কাৰ্যসূচী হাতত লয়।তেওঁলোকে আৰু জনায় বিভাগীয় মন্ত্ৰী হিমন্ত বিশ্বশৰ্মাৰ লগত সাক্ষাৎ কৰাৰ বাবে ৬ বাৰ কৈ গৈছিল কিন্তু স্যাৰৰ দেখা এবাৰেহে পাইছিল।আজি চুড়াইবাৰী আৰু দিগৰখাল বিক্ৰয়কৰ বিভাগৰ কৰ্মী সকলে যৌথভাবে এই কার্যসূচীত অংশ লয়।যদি তেওঁলোকৰ দাবী পূৰণ নহয় তেন্তে তেওঁলোকে জিলা কাৰ্যালয় পিছে ৰাজ্যিক সকলো কাৰ্যালয়ত ধৰ্ণা বহিব।
Conclusion: