ETV Bharat / state

আৰক্ষীৰ তৎপৰতাত ধৃত তিনি গাড়ী চোৰ - কৰিমগঞ্জ আৰক্ষী

কৰিমগঞ্জ আৰক্ষীৰ কবলত পৰিছে গাড়ী চোৰ চক্ৰৰ লগত জড়িত তিনি ব্যক্তি ৷ চালকক হত্যা কৰি গাড়ী চুৰি কৰি আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰক বিক্ৰী কৰাৰ উদ্দেশ্যে তিনি ব্যক্তিয়ে পৰিকল্পনা যুগুত কৰিছিল যদিও এগৰাকী ব্যক্তিৰ প্ৰচেষ্টাৰ বাবে সেয়া ব্যৰ্থ হয় ৷ অৱশেষত এই চক্ৰটোৰ লগত জড়িত তিনিজন ব্যক্তিক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে কৰিমগঞ্জ আৰক্ষী ৷

Car lifter caught by karimganj police assam etv bharat newsCar lifter caught by karimganj police assam etv bharat news
গাড়ী চোৰ ধৃত
author img

By

Published : Oct 13, 2020, 11:41 AM IST

কৰিমগঞ্জ,13 অক্টোবৰ: কৰিমগঞ্জ আৰক্ষীৰ কবলত পৰিছে গাড়ী চোৰ চক্ৰৰ লগত জড়িত তিনি ব্যক্তি ৷ চালকক হত্যা কৰি গাড়ী চুৰি কৰি আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰক বিক্ৰী কৰাৰ উদ্দেশ্যে তিনি ব্যক্তিয়ে পৰিকল্পনা যুগুত কৰিছিল যদিও এজন যুৱকৰ প্ৰচেষ্টাৰ বাবে সেয়া ব্যৰ্থ হয় ৷ অৱশেষত এই চক্ৰটোৰ লগত জড়িত তিনিজন ব্যক্তিক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে কৰিমগঞ্জ আৰক্ষী ৷

চহৰখনৰ মাজমজিয়াৰ চেটেলমেণ্ট এলেকাস্থিত বুৰহান উদ্দিন নামৰ এগৰাকী ৰাজমিস্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি, এমাহ পূৰ্বে পাথাৰকান্দি থানাৰ অন্তৰ্গত কেউটি গাঁৱৰ জাকিৰ হুছেইন নামৰ ব্যক্তিগৰাকীয়ে কাম কৰিছিল মিস্ত্ৰীগৰাকীৰ সৈতে ৷ বিগত কিছুদিন পূৰ্বে মিস্ত্ৰীগৰাকীৰ হাতত কাম নথকাত কোনো সম্পৰ্ক নাছিল জাকিৰৰ লগত ৷ ইয়াৰ পিছত হঠাতে ফোনযোগে জাকিৰে ব্যক্তিগৰাকীক এখন বাহন বিক্ৰী কৰাৰ বিষয়ে খবৰ দিয়ে ৷ জাকিৰৰ কথাত বুৰহান উদ্দিনৰ সন্দেহ ওপজে ৷ পৰৱৰ্তী সময়ত জাকিৰে আন ব্যক্তিৰ সৈতে লগলাগি আগৰতলাত ৰাজ মিস্ত্ৰীৰ কাম কৰি থকা অৱস্থাত এখন ৱেগনাৰ গাড়ী (টিআৰ 01 এক্স 0556) পাঁচ হেজাৰ টকাত ভাড়া কৰি আগৰতলাৰ পৰা কৰিমগঞ্জ অভিমুখে ৰাওনা হৈছিল ।

প্ৰায় পাঁচজনীয়া এটি চোৰৰ দলে বুৰহানক গাড়ীখন বিক্ৰীৰ উদ্দেশ্যে চাবলৈ মাতি পঠিয়ায় ৷ কিন্তু ব্যক্তিগৰাকীৰ জাকিৰৰ ওপৰত সন্দেহ ঘনীভূত হোৱাত খবৰ দিয়ে আৰক্ষীক ৷ আৰক্ষীয়ে ততালিকে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি কৰায়ত্ত কৰে তিনিটাকৈ গাড়ী চোৰক ৷ সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ লগতে চোৰ কেইটাক সোধ-পোছ অব্যাহত ৰাখিছে ৷

লগতে চাওকঃ গোলাঘাটত অবৈধ খাৰুৱা তেলৰ বেহাঃ আৰক্ষীৰ জালত চোৰাং ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.