পাথাৰকান্দি, ১ অক্টোবৰ: বুকু কঁপাই যোৱা উত্তৰ প্ৰদেশৰ হাথৰছ গণধৰ্ষণ কাণ্ডৰে জড়িত ধৰ্ষণকাৰীক উচিত শাস্তি প্ৰদানৰ দাবী কৰিমগঞ্জৰ পাথাৰকান্দি যুৱ কংগ্ৰেছৰ। বুধবাৰে সন্ধিয়া মমবাতি প্ৰজ্বলন কৰি গণধৰ্ষণৰ বলি হোৱা যুৱতীগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰে। ধৰ্ষিতা যুৱতীৰ ন্যায় আৰু ধৰ্ষণকাৰীক উচিত শাস্তি প্ৰদানৰ দাবীত মৌন সমদল উলিয়ায় পাথাৰকান্দি যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তাই ।
![হাথৰস কাণ্ডৰে জড়িত ধৰ্ষণকাৰীক শাস্তি প্ৰদানৰ দাবীত পাথাৰকান্দিত মৌন সমদল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-krj-801-1oct-candlemachpatharkandi_01102020122012_0110f_1601535012_577.jpg)
যেতিয়ালৈকে চৰকাৰে ধৰ্ষণকাৰীৰ শাস্তিৰ ক্ষেত্ৰত কঠোৰতম আইন প্ৰণয়ণ নকৰে, তেতিয়ালৈকে সমাজত এনে ঘটনা সংঘটিত হৈ থাকিব বুলি মন্তব্য কৰে যুৱ কংগ্রেছৰ নেতৃত্বই। পাথাৰকান্দি যুৱ কংগ্ৰেছৰ নেতৃত্বত উলিওৱা সমদলত অংশগ্ৰহণ কৰে স্থানীয় ৰাইজ, কণ কণ শিশুৱেও।
উল্লেখ্য যে, উত্তৰ প্ৰদেশত এগৰাকী ১৯ বছৰীয়া যুৱতীক গণধৰ্ষণৰ পিছত জিভা কাটি নিৰ্মম অত্যাচাৰ চলোৱা হৈছিল। মৃত্যুৰ পিছত আৰক্ষীয়ে পৰিয়ালৰ লোকৰ অনুমতি নোলোৱাকৈ সৎকাৰ কৰিছিল যুৱতীগৰাকীৰ মৃতদেহ। ইয়াৰ পিছে সমগ্ৰ দেশ জুৰি প্ৰতিবাদৰ জোৱাৰ উঠে।