কৰিমগঞ্জ, 7 নৱেম্বৰঃ 'পাকিস্তান জিন্দাবাদ' বিতৰ্কই ৰাজ্য তোলপাৰ লগাই থকাৰ মাজতেই কৰিমগঞ্জত এআইইউডিএফ প্ৰধান বদৰ উদ্দিন আজমলৰ প্ৰতিকৃতি দাহ কৰে ৰাষ্ট্ৰীয় বজৰং দলৰ কৰ্মকৰ্তা সকলে ৷ কৰিমগঞ্জৰ IOC পইণ্টৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে আজমলৰ প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰী সকলে।
উল্লেখ্য যে, শিলচৰ বিমানবন্দৰত সাংসদ বদৰুদ্দিন আজমলক আদৰণি জনাবলৈ যোৱা একাংশ লোকে পাকিস্তান জিন্দাবাদ বুলি শ্ল'গান দিছিল ৷ ইতিমধ্যে সেই ভিডিঅ’টো চ'ছিয়েল মিডিয়াত বিয়পি পৰাৰ লগে লগে ৰাজ্য জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
এই ঘটনাটো ৰাজ্যৰ সৰ্বত্ৰে চৰ্চা অব্যাহত থকাৰ মাজতে বিভিন্ন মহলে উক্ত ঘটনাক সমালোচনা কৰি গৰিহণা দিয়াৰ পৰিৱৰ্তে অন্য একাংশই ভিডিঅ'টোৰ সত্যনিষ্ঠতাক লৈ প্ৰশ্ন কৰা পৰিলক্ষিত হৈছে ৷ শেহতীয়াকৈ সাংসদ গৰাকীয়ে নিজেই এই ঘটনাক কোনো দুষ্ট চক্ৰৰ অভিসন্ধি বুলি আখ্যা দিয়ে ৷ ইফালে ঘটনাটোৰ লগত জড়িত লোকক অতি শীঘ্ৰে আটক কৰি শাস্তি প্ৰদানৰ পোষকতা কৰে বদৰুদ্দিন আজমলে ।
লগতে পঢ়ক- আমগুৰিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ উত্তাল প্ৰতিবাদ