ETV Bharat / state

কৰিমগঞ্জত ৰক্তদান শিৱিৰ

author img

By

Published : May 6, 2020, 4:37 PM IST

লক ডাউন সময়ছোৱাতে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত দেখা দিয়ে তেজৰ নাটনি । যাৰ বাবে বুধবাৰে কৰিমগঞ্জৰ অগ্ৰণী সামাজিক সংস্থা 'স্মাইল' আৰু 'অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ শীবেৰগোল শাখাই ৰক্তদান শিৱিৰ অনুষ্ঠিত কৰি কিছু পৰিমাণে সকাহ প্ৰদান কৰে চিকিৎসালয় কৰ্তৃপক্ষক ।

কৰিমগঞ্জ
কৰিমগঞ্জত ৰক্তদান শিৱিৰ

কৰিমগঞ্জ, ৬ মে': কৰিমগঞ্জ জিলাৰ চিকিৎসাৰ একমাত্ৰ মাধ্যম কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত দেখা দিছে তেজৰ নাটনিয়ে । যাৰ বাবে বহু সমস্যাৰ সৃষ্টি হৈছে সংকটজনক ৰোগীৰ ক্ষেত্ৰত । লক ডাউন সময়ছোৱাতে চিকিৎসালয়খনত তেজৰ নাটনি হোৱা বুলি জানিবলৈ দিয়ে চিকিৎসালয় কৰ্তৃপক্ষই ।

কৰিমগঞ্জ
কৰিমগঞ্জত ৰক্তদান শিৱিৰ

চিকিৎসালখনৰ এই সংকটৰ সময়ত সহায়ৰ বাবে আগবাঢ়ি আহে কৰিমগঞ্জৰ অগ্ৰণী সামাজিক সংস্থা 'স্মাইল' আৰু 'অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ শীবেৰগোল শাখা' । বুধবাৰে বাজাৰিচৰা সানি স্পৰ্টছ এছ'চিয়েছন নামৰ সামাজিক সংগঠনৰ সহয়োগত অনুষ্ঠিত ৰক্তদান অনুষ্ঠানত প্ৰায় 20 গৰাকী যুৱক-যুৱতীয়ে ৰক্তদান কৰি চিকিৎসালয়খনক কিছু পৰিমাণে সকাহ দিয়ে ।

আনহাতে, কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ৰ সংকটৰ সময়ত যুৱক-যুৱতী সকলৰ এই প্ৰয়াসক কৃতজ্ঞতা তথা ধন্যবাদ জনাই সচেতন ৰাইজে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.