ETV Bharat / state

বাজাৰিছড়া থানা ঘেৰাও বিজেপি কৰ্মীৰ - বিজেপি কৰ্মীক আটক

সতীৰ্থ কৰ্মীৰ মুক্তিৰ দাবীত বাজাৰিছড়া থানা ঘেৰাও বিজেপি কৰ্মীৰ ৷ কংগ্ৰেছে দিয়া গোচৰৰ ভিত্তিত পাঁচ গৰাকীকৈ বিজেপি কৰ্মীক আটক কৰিছিল আৰক্ষীয়ে ৷ বিজেপি কৰ্মীৰ উত্তাল প্ৰতিবাদৰ পাছতে অভিযুক্ত লোক কেইগৰাকীক এৰি দিয়ে আৰক্ষীয়ে ৷

bjp workers gherao bazaricherra police station demanding release of party co workers
বাজাৰিছড়া থানা ঘেৰাও বিজেপি কৰ্মীৰ
author img

By

Published : Mar 25, 2021, 11:01 AM IST

পাথাৰকান্দি, 25 মাৰ্চ: কেইবাগৰাকী বিজেপি কৰ্মীক আৰক্ষীয়ে আটক কৰাৰ ঘটনাক কেন্দ্ৰ কৰি বুধবাৰে কৰিমগঞ্জৰ বাজাৰিছড়া আৰক্ষী থানাত এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয় ৷ সতীৰ্থ কৰ্মীসকলৰ মুক্তিৰ দাবীত পাথাৰকান্দি সমষ্টিৰ সহস্ৰাধিক বিজেপি কৰ্মীয়ে বাজাড়িছড়া থানা ঘেৰাও কৰি এক উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে ৷

bjp workers gherao bazaricherra police station demanding release of party co workers
সতীৰ্থ কৰ্মীৰ মুক্তিৰ দাবীত বাজাৰিচেড়া থানা ঘেৰাও বিজেপি কৰ্মীৰ

উল্লেখ্য যে, বিগত কিছুদিন পূৰ্বে কংগ্ৰেছৰ বেনাৰ, পোষ্টাৰ ফালি পেলোৱাৰ লগতে অফিচ মুকলি কৰাক লৈ সমষ্টিটোত মাৰপিট হোৱা বুলি কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছিল ৷ সেয়ে বাজাৰিছড়া আৰক্ষী থানাত বিজেপি কৰ্মীৰ বিৰুদ্ধে কংগ্ৰেছে গোচৰ ৰুজু কৰিছিল আৰু সেই গোচৰৰ ভিত্তিত বাজাৰিছড়া আৰক্ষীয়ে বিজেপিৰ প্ৰায় পাঁচজন কৰ্মীক আটক কৰিছিল ।

এই ঘটনাৰ পাছতে প্ৰায় সহস্ৰাধিক বিজেপি কৰ্মীয়ে বাজাৰিছড়া থানা ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলাৰ পাছত আৰক্ষীৰ লোকে আটক কৰা বিজেপি কৰ্মী কেইজনক মুক্ত কৰি দিবলৈ বাধ্য হয় ৷ বিজেপি প্ৰাৰ্থী কৃষ্ণেন্দু পালে আৰক্ষীৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ আনি কয় যে, আৰক্ষীৰ লোকে বিজেপিয়ে তৰা গোচৰৰ তদন্ত নকৰাকৈ কংগ্ৰেছৰ পক্ষত গৈ বিজেপি কৰ্মী সকলক আটক কৰিছে ৷

উল্লেখ্য যে, বৰাক উপত্যকাৰ ভিতৰত বৰ্তমান উত্তপ্ত সমষ্টি হিচাপে চিহ্নিত হৈছে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্টি ৷ এইবাৰ সমষ্টিটোত মূল যুঁজখন কংগ্ৰেছ আৰু বিজেপিৰ মাজত হোৱাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে ৷ ইতিমধ্যে প্ৰায় প্ৰতিদিনেই উভয় দলৰ কৰ্মী তথা সমৰ্থকসকল সমুখ সমৰত মিলিত হোৱাৰ লগতে বিভিন্ন অভিযোগ প্ৰতি অভিযোগেৰে পাথাৰকান্দি সমষ্টি এক প্ৰকাৰ উত্তপ্ত হৈ পৰিছে ৷

লগতে পঢ়ক: নজৰুল হকৰ নিৰ্দেশত হিংসাত্মক কাণ্ড সংঘটিত কৰাৰ অভিযোগ বিজেপি কৰ্মীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.