ETV Bharat / state

বৰাকৰ ১৫খন আসনৰ ১২খনেই লাভ কৰিব বিজেপিয়ে : ৰঞ্জিত দাস

author img

By

Published : Jan 28, 2021, 8:20 PM IST

বৃহস্পতিবাৰে কৰিমগঞ্জৰ পাথাৰকান্দিত অনুষ্ঠিত হয় পৃষ্ঠা প্ৰমুখ সন্মিলন ৷ সন্মিলনত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ লগতে বিজেপিৰ বহু শীৰ্ষ আমূলা ৷

BJP STATE PRESIDENT ATTEND PRISTA PROMUKH MEET
বৰাকৰ ১৫খন আসনৰ ১২খনেই লাভ কৰিব বিজেপিয়ে : ৰঞ্জিত দাস

কৰিমগঞ্জ, 28 জানুৱাৰী : সমাগত 2021 চনৰ নিৰ্বাচন ৷ এই নিৰ্বাচনক লৈ ৰাজনৈতিক দল সমূহৰ মাজতো আৰম্ভ হৈছে তৎপৰতা ৷

বৃহস্পতিবাৰে কৰিমগঞ্জৰ পাথাৰকান্দিত অনুষ্ঠিত হয় পৃষ্ঠা প্ৰমুখ সন্মিলন ৷ তিনি লাখ বিশ হেজাৰ পৃষ্ঠা প্ৰমুখে অসমত বিজেপিৰ মিছন এশ প্লাছ(100+) পূৰণ কৰাৰ দিশে আগবাঢ়িছে ।

কৰিমগঞ্জৰ পাথাৰকান্দিৰ এই সন্মিলনৰ পৰাই বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ ঘোষণা, বৰাকৰ ১৫খন আসনৰ ভিতৰত ১২খন আসন লাভ কৰিব বিজেপিয়ে । বিজেপিৰ কাৰ্যকালত মুছলমান লোক সকল নিৰাপদ ৷ বিজেপিৰ কাৰ্যকালত অসমত কোনো সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই বুলিও মন্তব্য কৰে বিজেপিৰ নেতা গৰাকীয়ে ।

বুধবাৰে লক্ষীমপুৰত কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই মন্তব্য কৰিছিল, মিঞা সংস্কৃতি বহু আগৰ পৰা আছে ৷ অসমৰ ইমৰান শ্বাহৰ পৰাই বহুতে মিঞা সংস্কৃতিৰ সৈতে জড়িত ৷

তাৰে প্ৰত্যুত্তৰত বিজেপিৰ সভাপতি গৰাকীয়ে কয় যে, ইমৰান শ্বাহ আছিল অসম সাহিত্য সভাৰ সভাপতি, তেওঁ মিঞা সাহিত্য সভাৰ সভাপতি নাছিল ৷ গতিকে ৰিপুন বৰাৰ এই বিষয়ে জ্ঞান নাই; গতিকে এনেদৰে মন্তব্য কৰিছে বুলিও কৰিমগঞ্জৰ পাথাৰকান্দিত অনুস্থিত পৃষ্ঠা প্ৰমুখ সন্মিলনত ভাগ লৈ কতাক্ষ কৰে বিজেপিৰ সভাপতি গৰাকীয়ে ৷

লগতে পঢ়ক : 'স্বৰ্নিম বিজয়' এইবাৰ বিটিং ৰিট্ৰিটৰ মূল আকৰ্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.