ETV Bharat / state

কৰ’ণাত আক্ৰান্ত ৰাজ্য়ৰ প্ৰথমগৰাকী জন প্ৰতিনিধি

author img

By

Published : Jun 23, 2020, 8:24 PM IST

কৰ’ণাত আক্ৰান্ত হৈছে ৰাজ্যৰ এগৰাকী জন প্ৰতিনিধি । কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিৰ বিধায়ক কৃষ্ণেন্দু পালৰ শৰীৰত অৱশেষত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ আতংক বিৰাজ কৰা জিলাখনত সুৰক্ষাৰ স্বাৰ্থত সাত দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে জিলা বিজেপিৰ কাৰ্যালয় ৷

BJP Office will close for seven days at karimganj assam etv bharat news
কৰ’ণাত আক্ৰান্ত ৰাজ্য়ৰ প্ৰথমগৰাকী জন প্ৰতিনিধি

কৰিমগঞ্জ,23 জুন: কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে কৰিমগঞ্জ জিলাৰ এগৰাকী জন প্ৰতিনিধি ৷ এই খবৰ বিয়পি পৰাৰ লগে লগে জিলাখনত স্বাভাৱিকতে বিৰাজ কৰে আতংকই ৷ বিগত 18 জুনত জিলা প্ৰশাসনৰ তৰফৰ পৰা আয়োজন কৰা হৈছিল স্বাৱ সংগ্ৰহৰ এক কাৰ্যসূচী ৷ উক্ত কাৰ্যসূচীতে স্থানীয় বিধায়ক কৃষ্ণেন্দু পালৰ লগতে সাংসদ কৃপানাথ মাল্লাই স্বাৱ পৰীক্ষাৰ বাবে নমুনা জমা দিয়ে ৷ কিন্তু শেহতীয়াকৈ এই পৰীক্ষাৰ ফলাফলত বিধায়ক পালৰ শৰীৰত ভাইৰাছবিধৰ উপস্থিতি ধৰা পৰে ৷ সোমবাৰে জিলাখনত পুনৰ বিশ গৰাকী ব্যক্তিৰ শৰীৰত এই ভাইৰাছবিধৰ উপস্থিতি ধৰা পৰাৰ কথা পোহৰলৈ আহে ৷ ইতিমধ্যে এই খবৰ লাভ কৰি বিধায়ক গৰাকীয়ে চিকিৎসাজনিত কাৰণত ভৰ্তি হৈছে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ৰ কোভিড ৱাৰ্ডত ৷

আনহাতে, বিধায়কগৰাকী কৰ’ণাত আক্ৰান্ত হোৱাৰ খবৰ লাভ কৰি জিলা বিজেপিৰ ভিতৰচ’ৰাত সৃষ্টি হৈছে এক আতংকময় পৰিৱেশৰ ৷ জিলা প্ৰশাসনে বিধায়ক গৰাকীৰ বাসগৃহ ছীল কৰে যদিও বাহিৰৰ লোকে ইয়াত প্ৰৱেশ কৰাৰ দৃশ্য বন্দী হৈছে কেমেৰাত ৷ বিধায়ক গৰাকীৰ এই খবৰ লাভৰ পিছতে জিলা বিজেপিৰ দলীয় কাৰ্যালয়টো সাত দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে ৷

লগতে চাওকঃ লক্ ডাউনৰ বাবে দিল্লীৰ প্ৰদূষণ অত্যাধিক মাত্ৰাত হ্ৰাসঃ অধ্যয়ণ কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.