ETV Bharat / state

পাথাৰকান্দিত কংগ্ৰেছ-বিজেপিৰ মাজত সংঘাত - কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাহ

বিজেপিৰ একাংশ কৰ্মীয়ে কাবাৰিবন্দ এলেকাত দলীয় কাৰ্যালয় খোলাৰ বাবে ভাৰাঘৰ বিচাৰি আহিছিল । কিন্তু কংগ্ৰেছ কৰ্মীসকলে তেওঁলোকক সেই স্থানত কাৰ্যালয় খুলিবলৈ নিদিয়াৰ লগতে মাৰপিট কৰে । আনহাতে কংগ্ৰেছ কৰ্মীসকলে তেওঁলোকৰ কাৰ্যালয়ত বিজেপি কৰ্মীসকল উপস্থিত হৈ কাৰ্যালয়ৰ সামগ্ৰী ভাঙি লণ্ড-ভণ্ড কৰাৰ অভিযোগ কৰে ।

BJP CONGRESS CLASH IN KARIMGANJ
পাথাৰকান্দিত কংগ্ৰেছ-বিজেপিৰ মাজত সংঘাত
author img

By

Published : Mar 21, 2021, 10:13 PM IST

কৰিমগঞ্জ,২১ মাৰ্চ: কৰিমগঞ্জৰ পাথাৰকান্দিত দেওবাৰে কংগ্ৰেছ বিজেপিৰ মাজত সংঘাতৰ সৃষ্টি হয় । অভিযোগ প্ৰতি অভিযোগত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে । কংগ্ৰেছৰ বিৰুদ্ধে বিজেপি কৰ্মীক মাৰপিটৰ অভিযোগ উত্থাপন হোৱাৰ বিপৰীতে বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ কাৰ্যালয় লণ্ড-ভণ্ড কৰাৰ অভিযোগ উঠিছে । ঘটনাৰ সন্দৰ্ভত উভয়পক্ষই পাথাৰকান্দি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৷ কংগ্ৰেছ আৰু বিজেপি কৰ্মীসকলে এজাহাৰ দাখিল কৰাৰ পাছতেই কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক মায়ংক কুমাৰে পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে পাথাৰকান্দিত উপস্থিত হয় । জানিব পৰা মতে, দলীয় কাৰ্যালয় মুকলি কৰা ঘটনাক কেন্দ্ৰ কৰি পুৱা পাথাৰকান্দি চহৰ সংলগ্ন কাবাৰিবন্দ এলেকাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

পাথাৰকান্দিত কংগ্ৰেছ-বিজেপিৰ মাজত সংঘাত

অভিযোগ অনুসৰি, বিজেপিৰ একাংশ কৰ্মীয়ে কাবাৰিবন্দ এলেকাত দলীয় কাৰ্যালয় খোলাৰ বাবে ভাৰাঘৰ বিচাৰি আহিছিল । কিন্তু কংগ্ৰেছ কৰ্মীসকলে তেওঁলোকক সেই স্থানত কাৰ্যালয় খুলিবলৈ নিদিয়াত লগতে মাৰপিট কৰে । আনহাতে, কংগ্ৰেছ কৰ্মীসকলে তেওঁলোকৰ কাৰ্যালয়ত বিজেপি কৰ্মীসকল উপস্থিত হৈ কাৰ্যালয়ৰ সামগ্ৰী ভাঙি লণ্ড-ভণ্ড কৰাৰ অভিযোগ কৰে । কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লা আৰু বিজেপিৰ প্ৰাৰ্থী কৃষ্ণেন্দু পালে ঘটনাস্থলীত উপস্থিত হৈ বিজেপি কৰ্মীক আক্ৰমণ কৰাসকলক 24 ঘণ্টাৰ ভিতৰত আটক কৰাৰ দাবী জনাইছে ।

লগতে পঢ়ক: কংগ্ৰেছৰ চৰকাৰ হোৱাটো অলীক কল্পনা: পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.