ETV Bharat / state

BJP public relation campaign: মোদী চৰকাৰৰ 9 বছৰীয়া কামৰ খতিয়ান লৈ বৰাকত বৈজয়ন্ত জয় পাণ্ডা - Baijayant Jai Panda visits Karimganj

কৰিমগঞ্জত উপস্থিত হৈ বৰাকবাসীৰ সমস্যাৰ খতিয়ান ল’লে বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডাই ৷ বৰাকৰ ৰাইজৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়ন সাধন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে বিজেপি নেতাগৰাকীয়ে ৷

BJP public relation campaign
BJP public relation campaign
author img

By

Published : Jun 12, 2023, 10:30 PM IST

মোদী চৰকাৰৰ 9 বছৰীয়া কামৰ খতিয়ান লৈ বৰাকত বৈজয়ন্ত জয় পাণ্ডা

কৰিমগঞ্জ, 12 জুন: ‘‘বিজেপিৰ শাসন কালত বৰাক উপত্যকাত বৃদ্ধি পাইছে উন্নয়নৰ গতি ৷’’ সোমবাৰে এই মন্তব্য কৰে বিজেপিৰ কেন্দ্ৰীয় উপ-সভাপতি তথা অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডাই । বৰাক নদীৰ খনন, শিলচৰ-সৌৰাষ্ট্ৰ ঘাইপথ, মহিছাসন-বাংলাদেশ ৰেলপথৰ দীঘলীয়া প্ৰক্ৰিয়াৰ অন্ত পেলোৱাৰো আশ্বাস দিয়ে নেতাগৰাকীয়ে । বিজেপিৰ জনসংযোগ অভিযানৰ অংশ হিচাপে সোমবাৰে কৰিমগঞ্জত উপস্থিত হয় দলৰ কেন্দ্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডা । বিগত 9 বছৰৰ বিজেপি চৰকাৰৰ সফলতাক জনসাধাৰণৰ আগত দাঙি ধৰিবলৈ কৰিমগঞ্জ ভ্ৰমণ কৰে বিজেপি নেতাগৰাকীয়ে ।

মহাজন সংশক অভিযান উপলক্ষে আয়োজন কৰা সংবাদমেলত তেওঁ কয় যে, ৰাজ্যত বৰ্তমান ডাবল ইঞ্জিন চৰকাৰ চলি আছে । সৰ্বানন্দ সোণোৱালে যি কামৰ ভেটি স্থাপন কৰিছিল, সেই কাম সম্পূৰ্ণ কৰি আছে হিমন্তবিশ্ব শৰ্মাই । এসময়ত বেয়া হোৱা বৰাক উপত্যকাৰ ৰাস্তাবোৰ এতিয়া বহুত উন্নত হৈছে । অসমত অপৰাধ যথেষ্ট হ্ৰাস পাইছে । ভাৰতৰ ভিতৰতে সৰ্বাধিক ড্ৰাগছ জব্দ কৰা ৰাজ্য অসম ।

পাণ্ডাই লগতে কয়, ‘‘মোডী চৰকাৰৰ 9 বছৰীয়া উপলক্ষে বিজেপিয়ে মহাজন সংশক যাত্ৰাৰ আয়োজন কৰিছে । এই যাত্ৰাত কমেও 1000 লোকৰ ঘৰলৈ যাব বিজেপিৰ নেতা-কৰ্মী । বৰ্তমান চৰকাৰে ৰাইজৰ বাবে কি কৰিছে সেই বিষয়ে তেওঁলোকক অৱগত কৰা হ’ব । বৰাক নদীক 6 নং ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰাৰ পিচত ব্যয় কৰা হৈছে 1000 কোটি টকা । নমামী বৰাক উৎসৱৰ পৰা আৰম্ভ হৈছে বৰাক নদীৰ খন্দা । নদীখন খান্দিলে খৰালি কালত বৰাক নদীত পানী থাকিব । খৰালিৰ দিনতো জাহাজে নদীখনত যাত্ৰা কৰিব পাৰে ।’’

লগতে পঢ়ক: Police take bribe: 200 টকা উৎকোচ লৈ শ’লঠেকত পৰিল আৰক্ষী জোৱান

কিন্তু বৰ্তমানেও বৰাক নদীৰ বহু অংশ বাম হৈ পৰিছে । সেই ক্ষেত্ৰত সাংবাদিকসকলে দুৰ্নীতিৰ বিষয়টো আলোকপাত কৰে বিজেপি নেতাগৰাকীক । কুশিয়াৰা নদীৰ পানী নদী সংস্কাৰৰ জৰিয়তে বাংলাদেশক দিয়া হৈছে । নদী খননৰ সুফল এতিয়াও দেখা পোৱা নাই, বৰাকৰ ৰাইজে । তদুপৰি কৰিমগঞ্জৰ পৰা বাংলাদেশলৈ প্রস্তাৱিত ৰে’লপথ নিৰ্মাণৰ কাম লেহেমীয়া গতিত চলি থকা বুলিও সাংবাদিকসকলে বিজেপিৰ কেন্দ্রীয় উপ-সভাপতিক অৱগত কৰে ৷

অটল বিহাৰী বাজপেয়ীৰ সপোনৰ শিলচৰ-সৌৰাষ্ট্ৰ সংযোগী ঘাইপথৰ কাম আজিলৈকে কিয় সম্পূৰ্ণ হোৱা নাই বুলি প্ৰশ্ন কৰে সাংবাদিকসকলে । কেন্দ্ৰীয় উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সাংবাদিকসকলে উত্থাপন কৰা প্ৰশ্নসমূহৰ শুনি সেই বিষয়সমূহৰ ওপৰত পিচত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে ।

সংবাদমেলত কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাহ, পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল, ৰাতাবাৰীৰ বিধায়ক বিজয় মালাকাৰ, এ এছ টি চিৰ অধ্যক্ষ মিছন ৰঞ্জন দাস, বিজেপি নেতা ক’নাদ পুৰকায়স্থ, কিশোৰ নাথ, অনুসূচীত জাতি মৰ্চাৰ সভাপতি মুন স্বৰ্ণকৰ, দেৱব্ৰত সাহা, শিপ্ৰগুনা, বিশ্বৰূপ ভট্টাচাৰ্য, বিজু বণিক, নিশিকান্ত ভট্টাচাৰ্য আদিও উপস্থিত থাকে ৷

লগতে পঢ়ক: Congress Protest in Abhayapuri: অভয়াপুৰীত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.