কৰিমগঞ্জ, 23 ডিচেম্বৰ: আজিৰে পৰা কৰিমগঞ্জত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বিজেপিৰ কাৰ্যনিৰ্বাহক সভা ৷ পোনপ্ৰথম বাৰৰ বাবে সীমান্ত চহৰ কৰিমগঞ্জত অনুষ্ঠিত হোৱা বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত হৈছে ইজনৰ পাচত সিজনকৈ ৰাজনৈতিক নেতা ৷
আন আন ৰাজনৈতিক নেতা সকলৰ লগতে কৰিমগঞ্জত উপস্থিত হয় বিপিএফৰ সদ্য পদত্যাগী নেতা তথা প্ৰাক্তন বিপিএফৰ সাংসদ বিশ্বজিৎ দৈমাৰী ৷ বিটিচি নিৰ্বাচন প্ৰসংগত সাংবাদিকৰ প্ৰশ্নত কয় যে,হাগ্ৰামাই অযথা চেষ্টা কৰি লাভ নাই ৷ প্ৰতিনিধি যাৰ বেছি চৰকাৰ তাৰেই হ'ব ৷ এইবাৰ বিটিচি প্ৰধান প্ৰমোদ বড়োৱে বাহাল থাকিব ৷
লগতে পঢ়ক: কৰিমগঞ্জত অচিনাক্ত দুৰ্বৃত্তই ফালিলে বিজেপিৰ পতাকা আৰু বেনাৰ