কৰিমগঞ্জ,24 আগষ্ট: কিছুদিনৰ পৰা কৰিমগঞ্জ জিলাত ব্যাপক হাৰত বৃদ্ধি পাইছে চুৰি-ডকাইতিৰ দৰে ঘটনা ৷ চলিত মাহৰ 7 তাৰিখে জিলাখনৰ কদমতলা গ্ৰামীণ চিকিৎসালয়ৰ কৰ্মচাৰী আশীষ শব্দকৰৰ মটৰ চাইকেলখন চুৰি হৈছিল ৷ উক্ত ঘটনাৰ 16 দিন উকলি যোৱাৰ পিছত দেওবাৰে নিশা মটৰ চাইকেলখন উদ্ধাৰ হয় পাথাৰকান্দিৰ পৰা ৷ ত্ৰিপুৰাৰ কদমতলা আৰক্ষীৰ অভিযান মৰ্মে উদ্ধাৰ হোৱা মটৰ চাইকেলখনৰ লগতে আৰক্ষীয়ে আটক কৰে এটা চোৰক ৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ধৃত চোৰটোৰ সৈতে আন কেইবাটাও চোৰ উক্ত চুৰি কাৰ্যত জড়িত হৈ আছে ৷ কদমতলা আৰক্ষীয়ে চিকিৎসালয়খনৰ চিচিটিভি ফুটেজৰ তথ্যৰ ভিত্তিত এই অভিযান চলাইছিল ৷ ইতিমধ্যে ঘটনা প্ৰসংগত কদমতলা আৰক্ষী চকীত ভাৰতীয় দণ্ডবিধিৰ আধাৰত ৩৭৯ ধাৰাত ৪২/২০ নম্বৰত ৰুজু কৰা হৈছে এক গোচৰ ৷ উল্লেখ্য যে, মটৰ চাইকেল চুৰিৰ ঘটনাৰ প্ৰসংগত এইপৰ্যন্ত মুখ খোলা নাই চোৰকেইজনে ৷
আনহাতে, বিগত কিছুদিন পূৰ্বে জিলাখনৰ ধৰ্মনগৰ অঞ্চলৰ পৰা এখন পালচাৰ বাইক চুৰি কৰি কদমতলাৰ ঝেৰঝেৰীৰ মাজেৰে অসমলৈ পলাই যোৱাৰ সময়ত স্থানীয় ৰাইজ আৰু আৰক্ষীৰ হাতত ধৰা পৰে আসকৰ আলী নামৰ এটা চোৰ ৷ পৰৱৰ্তী সময়ত চোৰটোক গতাই দিয়া হয় ধৰ্মনগৰ আৰক্ষীৰ ওচৰত ৷ আৰক্ষীৰ সোধ-পোচৰ অন্তত চোৰটোৱে দোষ স্বীকাৰ কৰে ৷ লগতে চুৰি মটৰ চাইকেলখন এই কাণ্ডত জড়িত অন্য এটা চোৰ কামালউদ্দীনৰ হাতত গতাই দিয়াৰ কথা স্বীকাৰ কৰে ৷ চোৰটোৰ তথ্যৰ ভিত্তিত আৰু চিচিটিভি ফুটেজৰ আধাৰতে কদমতলা আৰক্ষী চকীৰ উপ-পৰিদৰ্শক অপু দাসৰ নেতৃত্বত এটা আৰক্ষীৰ দলে পাথাৰকান্দিস্থিত কামালউদ্দিনৰ ঘৰত উপস্থিত হৈ জব্দ কৰে দুখনকৈ চুৰি মটৰ চাইকেল ৷ সম্প্ৰতি কদমতলা আৰক্ষী চকীৰ আলহী হৈছে কামালউদ্দিন নামৰ চোৰটো ৷ পৰৱৰ্তী সময়তো মটৰ চাইকেল চোৰৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত থাকিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে কদমতলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কৃষ্ণধন সৰকাৰে ৷
লগতে চাওকঃ কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগু ক'ভিড পজিটিভ