কৰিমগঞ্জ, 14 নৱেম্বৰ: পোহৰৰ উৎসৱ দীপাৱলীৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ মাজত কৰিমগঞ্জত মাটিৰ চাকি বিতৰণ কৰিলে ভাৰতীয় জনতা যুৱ মৰ্চাৰ কৰিমগঞ্জ জিলা কমিটিয়ে ৷ বিগট পাঁচটা বছৰৰ দৰে এইবাৰো ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশ কমিটিৰ নিৰ্দেশ মৰ্মে কৰিমগঞ্জ জিলা সমিতিয়ে এই চাকি বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰে ৷
প্ৰধানকৈ মৃৎ শিল্পৰ সৈতে জড়িত শিল্পী তথা কাৰিকৰসকলক তেওঁলোকৰ জীৱিকা পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্ৰত সকাহ দিয়াৰ লগতে উৎসাহ জনোৱাৰ উদ্দেশ্যে যুৱ মৰ্চাই এই কাৰ্যসূচী হাতত লৈ আহিছে ৷ শুকুৰবাৰে জনতা যুৱ মৰ্চাৰ কৰিমগঞ্জ কমিটিয়ে কৰিমগঞ্জ চহৰত ৰাইজৰ মাজত কেইবাহাজাৰ মাটিৰ চাকি বিতৰণৰ কাৰ্যসূচী হাতত লয় ৷
লগতে পঢ়ক: গাড়ী চালকক গুলীয়াই ধন লৈ উধাও দুৰ্বৃত্ত