কৰিমগঞ্জ,22 জানুৱাৰী: কৰিমগঞ্জৰ কালিগঞ্জত জঘন্য ঘটনা। কালিগঞ্জত থকা সন্যাসীবাড়ি মন্দিৰত বৃহস্পতিবাৰে অজ্ঞাত কোনো লোকে মন্দিৰৰ চৌহদত পেলালে গো-মাংস ৷ তাৰ পাচতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত ৷ মন্দিৰ চৌহদত গো-মাংস উদ্ধাৰ হোৱাৰ লগতে উদ্ধাৰ হৈছে কেইবাখনো আপত্তিজনক কথা লিখি থোৱা কাগজৰ টুকুৰা ৷
উল্লেখ্য যে,এই ঘটনা পোহৰলৈ অহাৰ পাচতে মন্দিৰ চৌহদত বহু মানুহ গোট খাই পৰিৱেশ উত্তপ্ত কৰি তোলে ৷ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিৱেশ নিয়ন্ত্ৰণ কৰে ৷ স্থানীয় লোকসকলে দোষীক শাস্তি দিয়াৰো দাবী উত্থাপন কৰে ৷
![কৰিমগঞ্জৰ মন্দিৰত উদ্ধাৰ গো-মাংস](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10036_21012021233217_2101f_1611252137_109.jpg)
লগকতে পঢ়ক: আৰক্ষীৰ নিয়মীয়া তালাচীক লৈ ডৱকাত উত্তপ্ত পৰিস্থিতি