ETV Bharat / state

বৰাক উপত্যকাৰ প্রথম মেগা ফুড পার্কৰ ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ

author img

By

Published : Sep 29, 2020, 11:28 AM IST

সোমবাৰে বৰাক উপত্যকাৰ প্রথম মেগা ফুড পার্ক আৰু ইন্টিগ্রেটেড কোল্ড চেইন স্থাপনৰ বাবে ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে কৰিমগঞ্জ জিলা প্ৰশাসনে ৷ প্ৰায় 150 বিঘা মাটিত মেগা ফুড পাৰ্ক আৰু 15 বিঘা মাটিত ইন্টিগ্রেটেড কোল্ড চেইন প্ৰকল্প স্থাপনৰ বাবে ভূমি হস্তান্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হয় ৷

Barak Valley Mega Food Park land encroachment process has been started
বৰাক উপত্যকাৰ প্রথম মেগা ফুড পার্কৰ ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ

কৰিমগঞ্জ, 29 ছেপ্তেম্বৰঃ সোমবাৰে বৰাক উপত্যকাৰ প্রথম মেগা ফুড পার্ক আৰু ইন্টিগ্রেটেড কোল্ড চেইন স্থাপনৰ বাবে ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে কৰিমগঞ্জ জিলা প্ৰশাসনে ৷ কৰিমগঞ্জ জিলাৰ উপায়ুক্ত এম.পি আম্বামুথানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত এই প্ৰক্ৰিয়া আৰম্ভ কৰা হয় ৷

উল্লেখ্য যে, প্ৰায় 150 বিঘা মাটিত মেগা ফুড পাৰ্ক আৰু 15 বিঘা মাটিত ইন্টিগ্রেটেড কোল্ড চেইন প্ৰকল্প স্থাপনৰ বাবে ভূমি হস্তান্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হয় ৷ এই দুয়োটা প্ৰকল্পতে বৰাক উপত্যকাৰ প্ৰায় 20ৰ পৰা 25 হাজাৰ যুৱক-যুৱতীয়ে কৰ্মসংস্থান লাভ কৰিব বুলি প্ৰকাশ কৰে উপায়ুক্ত গৰাকীয়ে ৷ সোমবাৰৰ এই সভাখনত উপস্থিত থাকে কৰিমগঞ্জ জিলাৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দেৱ, AIDCৰ অধ্যক্ষ মিছন ৰঞ্জন দাসৰ লগতে পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল ৷

লগতে পঢ়ক-নাথ ছাৰক থানা এৰি যাবলৈ নিদিয়ে ৰাইজে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.