বদৰপুৰ,25 ছেপ্টেম্বৰঃ গ্ৰাহকৰ জমা টকা লৈ পলায়ন কৰাৰ অভিযোগ বদৰপুৰ এক্সিচ বেংকৰ কৰ্মচাৰীৰ বিৰুদ্ধে ৷ গ্ৰাহকৰ একাউন্টৰ পৰা এক লাখ চল্লিশ হাজাৰ টকা আত্মসাৎ কৰাৰ অভিযোগ বদৰপুৰ এক্সিচ বেংকৰ কৰ্মচাৰীৰ বিৰুদ্ধে ৷ অভিযোগ মতে, বদৰপুৰ এক্সিচ বেংকত গ্ৰাহক আলাউদ্দিন নামৰ যুৱকজনে নিজৰ এক্সিচ বেংকৰ একাউন্টত জমা কৰিছিল এক লাখ চল্লিশ হাজাৰ টকা ৷ তাৰ পিছতে বদৰপুৰ শাখাৰ শংখদ্বীপ চৰকাৰ নামৰ এজন কৰ্মচাৰীয়ে আল্লাউদ্দিনক বেংকৰ পৰা লোন দিয়াৰ প্ৰলোভনৰে সৰকাই লৈ যায় তেঁওৰ এ টি এম আৰু পাচবুকখন৷
ইফালে পাঁচ মাহ পৰ্যন্ত কোনো লোন নাপাই যুৱকজনে এক্সিচ বেংকৰ মেনেজাৰৰ ওচৰত অভিযোগ দাখিল কৰে ৷ কিন্তু মেনেজাৰৰ পৰা কোনো সুদোত্তৰ নোপোৱাত যুৱকজনে বদৰপুৰ আৰক্ষী চকীত গোচৰ ৰুজু কৰে ৷ এই কাণ্ডৰ লগত বেংকৰ মেনেজাৰো জড়িত হৈ আছে বুলি অভিযোগ উত্থাপন কৰে ভুক্তভোগী যুৱকজনে ৷ ইতিমধ্যে এই সন্দৰ্ভত বদৰপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷