ETV Bharat / state

কৰিমগঞ্জত গছ পৰি অটোৰিক্সা চালকৰ শোকাৱহ মৃত্যু - চলন্ত অটো ৰিক্সাৰ ওপৰত বাগৰি পৰিল এজোপা প্ৰকাণ্ড গছ

কৰিমগঞ্জ চহৰৰ মাজ মজিয়াত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা ৷ এখন চলন্ত অটো ৰিক্সাৰ ওপৰত গছ বাগৰি পৰাৰ ফলত থিতাতে নিহত হ’ল চালকজন (Auto driver dies in Karimganj) ৷

কৰিমগঞ্জত গছ পৰি অটোৰিক্সা চালকৰ শোকাৱহ মৃত্যু

author img

By

Published : Jun 15, 2022, 10:48 PM IST

কৰিমগঞ্জ, 15 জুন: বুধবাৰে কৰিমগঞ্জ চহৰৰ মাজ মজিয়াত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা ৷ এখন চলন্ত অটো ৰিক্সাৰ ওপৰত বাগৰি পৰিল এজোপা প্ৰকাণ্ড গছ (Tree falls on running auto in Karimganj)। ফলত থিতাতে নিহত হয় অটোখনৰ চালকজন (Auto driver dies in Karimganj)। অৱশ্যে দুৰ্ঘটনাটোৰ ফলত অটো ৰিক্সাখনত থকা তিনিজন যাত্ৰীৰ কথমপি প্ৰাণ ৰক্ষা পৰে ।

বুধবাৰে দুপৰীয়াৰ ভাগত হোৱা নেৰানেপেৰা বৰষুণৰ মাজতে চহৰখনৰ ছেটেলমেন্ট দিশৰ পৰা আহি থকা অটো ৰিক্সাখনৰ ওপৰত বাগৰি পৰে গছজোপা । এই ঘটনাৰ পাছতে SDRF বাহিনীয়ে তৎপৰতাৰে অভিযান চলায় যদিও চালকজনক জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল ৷

নিহত চালকদজনৰ নাম আজাৰ উদ্দিন । এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ কৰিমগঞ্জত ।

লগতে পঢ়ক: গুৱাহাটীৰ আশ্ৰয় শিবিৰত ২৪ ঘণ্টাই চিকিৎসা সেৱা উপলব্ধ কৰোৱাৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.