ETV Bharat / state

মেঘালয়ৰ উচ্চ মাধ্যমিকৰ পৰীক্ষাত শীৰ্ষস্থান দখল অসম কন্যাৰ - ST Anthoni HS School Shillong

সদ্য় ঘোষিত মেঘালয়ৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে অসমৰ জীয়ৰী মহিমা সিন্হা​ই ৷ 428 নম্বৰ লাভেৰে এই স্থান আঁজুৰিবলৈ সক্ষম হোৱা মহিমাই পৰীক্ষাত অৱতীৰ্ণ হৈছিল এছ টি এন্থনী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ৷

Assamese girl stood first position on hsslc exam in meghalaya karimganj assam etv bharat news
অসম কন্যাৰ সাফল্য
author img

By

Published : Jul 14, 2020, 3:01 PM IST

কৰিমগঞ্জ,14 জুলাই: শিক্ষাৰ ক্ষেত্ৰত বৰ্তমান যেন ছাত্ৰীৰেই আধিপত্য ৷ এই কথা প্ৰতিপন্ন কৰি সদ্য় ঘোষিত মেঘালয়ৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে অসমৰ জীয়ৰী মহিমা সিন্হা​ই ৷ মেঘালয় শিক্ষা পৰিষদৰ দ্বাৰা অনুষ্ঠিত উক্ত পৰীক্ষাত 428 নম্বৰ লাভেৰে এই স্থান আঁজুৰিবলৈ সক্ষম হয় মহিমাই ৷ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিৰ মুণ্ডমালা অঞ্চলৰ জীয়ৰী মহিমাৰ সাফল্যত গৌৰৱান্বিত হৈছে অঞ্চলবাসী ৷

শীৰ্ষস্থান দখল অসম কন্যাৰ

শ্বিলঙৰ এছ টি এন্থনী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী মহিমাই ভৱিষ্যতে এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পুহি ৰাখিছে ৷ মহিমাৰ পিতৃ মিহিৰ সিন্হা​ এছ টি এন্থনী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰসায়ন বিভাগৰ অধ্যাপক । উল্লেখ্য যে,2020 বৰ্ষত মেঘালয় শিক্ষা পৰিষদৰ দ্বাৰা পৰিচালিত উচ্চ-মাধ্যমিকৰ কলা বিভাগৰ পৰীক্ষাত 26,864 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল ৷ অৱতীৰ্ণসকলৰ ভিতৰত 18,039 গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে ।

লগতে চাওকঃ জলমগ্ন তেজপুৰৰ ঐতিহ্যমণ্ডিত গণেশমন্দিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.