ETV Bharat / state

Phensedyl seized : কৰিমগঞ্জত আকৌ জব্দ ফেঞ্চিডাইল

author img

By

Published : Jul 12, 2022, 5:01 PM IST

বিগত কেইদিনত নিতৌ কৰিমগঞ্জ জিলাত আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী (Drugs seized in Karimganj)৷ মঙলবাৰে বদৰপুৰ আৰক্ষীয়ে জব্দ কৰে ৩৮ টা ফেঞ্চিডাইল ভৰ্তি কাৰ্টন (Karimganj police seized phensedyl)৷ বিস্কুটৰ কাৰ্টনৰ মাজত লুকুৱাই এখন ট্ৰাক যোগে গুৱাহাটী অভিমুখে লৈ যোৱা হৈছিল ফেঞ্চিডাইলখিনি ৷

Phensedyl seized
Phensedyl seized

কৰিমগঞ্জ: নিচাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে জেহাদ অব্যাহত ৰাখিছে যদিও তাৰ মাজতেই সুৰুঙা বুজি ৰাজ্যত নিচাৰ বেহা অব্যাহত ৰাখিছে একাংশই (Drugs smuggling in Assam) ৷ বিশেষকৈ অসমৰ সীমামূৰীয়া জিলা কেইখনক নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ বাবে ব্যৱহাৰ কৰিবলৈ ধৰিছে সৰবৰাহকাৰী চক্ৰই ৷ আৰক্ষী কঠোৰ হৈছে যদিও তাৰ মাজতেই বিভিন্ন ন ন কৌশল অৱলম্বন কৰি চলাই গৈছে নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ (Drugs smuggling in Assam border district) ৷

কৰিমগঞ্জত আকৌ জব্দ ফেঞ্চিডাইল

বিগত কেইদিনত নিতৌ কৰিমগঞ্জ জিলাত আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী (Drugs seized in Karimganj)৷ মঙলবাৰে বদৰপুৰ আৰক্ষীয়ে জব্দ কৰে ৩৮ টা ফেঞ্চিডাইল ভৰ্তি কাৰ্টন (Karimganj police seized phensedyl)৷ বিস্কুটৰ কাৰ্টনৰ মাজত লুকুৱাই এখন ট্ৰাক যোগে গুৱাহাটী অভিমুখে লৈ যোৱা হৈছিল ফেঞ্চিডাইলখিনি ৷

বদৰপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন গোস্বামী আৰু মালুৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ কুমাৰ মিলিৰ নেতৃত্বত আৰক্ষীৰ দলে অভিযান চলাই জব্দ কৰে কফ চিৰাপখিনি ৷ জব্দকৃত ফেঞ্চিডাইলখিনিৰ বজাৰ মূল্য প্ৰায় 25 লাখ টকা হ’ব বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷

উল্লেখ্য যে সোমবাৰেও কৰিমগঞ্জৰ বদৰপুৰ আৰক্ষীয়ে বদৰপুৰৰ পেট্ৰ'ল পাম্পৰ কাষৰীয়া অঞ্চলসমূহত অভিযান চলাই জব্দ কৰে এখন ফেঞ্চিডাইল ভৰ্তি ট্ৰিপাৰ বাহন(Huge amount of Phensedyl seized at Badarpur) ৷ এই অভিযানত প্ৰায় 50 লাখ টকাৰ কফ চিৰাপ জব্দ কৰা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ আৰক্ষী বিষয়া চন্দন গোস্বামীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলাইছিল এই অভিযান ৷

একেদৰে কৰিমগঞ্জৰ চূড়াইবাড়িতো আৰক্ষীয়ে যোৱা বুধবাৰে অভিযান চলাই প্ৰায় 8 হেজাৰ তিনিশ বটল কফ চিৰাপ জব্দ কৰে (Cough syrup seized in Karimganj) । সৰবৰাহকাৰী দলটোৱে RJ 09 GD 3391 নম্বৰৰ এখন ইলেকট্ৰিক তাঁৰ ভৰ্তি ট্ৰাকৰ ভিতৰত 26 টা বস্তাত লুকুৱাই আনিছিল কফ চিৰাপৰ বটলখিনি ৷ তেওঁলোকে গাজিয়াবাদৰ পৰা কৰিমগঞ্জ হৈ ত্ৰিপুৰাৰ ৰাজধানী আগৰতলালৈ কঢ়িয়াই আনিছিল নিচাযুক্ত দ্ৰব্যখিনি ৷

আগৰতলাৰ পৰা বাংলাদেশলৈ কফ চিৰাপখিনি সৰবৰাহৰ পৰিকল্পনা কৰিছিল সৰবৰাহকাৰী দলটোৱে ৷ জব্দকৃত কফ চিৰাপখিনিৰ বজাৰ মূল্য অনুমানিক পঞ্চাশ লাখ টকা হ’ব বুলি আৰক্ষী সূত্ৰে জানিব পৰা হৈছে ।

লগতে পঢ়ক : Phensedyl seized at Badarpur: বদৰপুৰত বৃহৎ পৰিমাণৰ ফেঞ্চিডাইল জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.