কৰিমগঞ্জ, ১৭ মেঃ কৰিমগঞ্জৰ ধলছড়া গাঁৱত গ্ৰাম্য বিদ্যুতিকৰণ (সৌভাগ্য) আঁচনিক লৈ চৰম দুৰ্নীতিৰ অভিযোগ । বিদ্যুৎ সংযোগৰ নামত ৫০০/ৰ পৰা ২০০০/ টকা সংগ্ৰহ কৰাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে।
দক্ষিণ কৰিমগঞ্জৰ ধলছড়া গাঁও গ্ৰামীন সহজ বৈদ্যুতিকৰণ সৌভাগ্য আঁচনিৰ নামত ব্যাপক দূৰ্নীতিৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । চৰকাৰে সৌভাগ্য আঁচনিৰ জৰিয়তে দুখীয়া লোকক বিনামূলীয়াকৈ বিদ্যুৎ যোগান ধৰিছিল যদিও একাংশ অসৎ ঠিকাদাৰে দুখীয়া-দৰিদ্ৰ লোকৰ পৰা বিদ্যুৎ সংযোগৰ নামত অবৈধভাৱে ৫০০/ৰ পৰা ২০০০/ টকা সংগ্ৰহ কৰিছে কৰিমগঞ্জৰ ধলছড়া গাঁৱত ।
আনফালে স্থানীয় বিধায়কে এই কথা বিদ্যুৎ বিভাগক অৱগত কৰাৰ পাছতো অভিয়ুক্ত ঠিকাদাৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰে অঞ্চলটোৰ ভুক্ত-ভোগি ৰাইজ । সেয়েহে ঠিকাদাৰৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে পথাৰকান্দি আৰক্ষী থানাত ৰুজু কৰিছে গোচৰ ।
লগতে আন এটা বাতৰি- বৈঠালংছ'ত আটক প্ৰাক্তন উগ্ৰপন্থী সদস্য