কৰিমগঞ্জ, ১৮ মেঃ জামাতে ইছলামী হিন্দ আৰু হিউমেন ৱেলফেয়াৰ ফাউণ্ডেশ্বনৰ সহযোগত আজি কৰিমগঞ্জৰ কালিগঞ্জত ইফতাৰ সামগ্ৰী বিতৰণ কৰা হয় । এশজন দৰিদ্ৰ লোকৰ মাজত বিতৰণ ফল-মূলকে ধৰি বিভিন্ন খোৱা বস্তু ।
কৰিমগঞ্জৰ কালিগঞ্জত ইছলাম ধৰ্মাৱলম্বী লোকৰ ৰমজান মাহ উপলক্ষে দৰিদ্ৰ লোকৰ মাজত ইফতাৰত খাদ্যবস্তু বিতৰণ কৰিলে জামাতে ইছলামী হিন্দ আৰু হিউমেন ৱেলফেয়াৰ ফাউণ্ডেশ্বনে । এই এনুষ্ঠানত উপস্থিত আছিল আনোৱাৰ হুছেইন ছৰিফ উদ্দিনকে ধৰি কেইবাজনো বিশিষ্ট লোক ৷
লগতে আন এটা বাতৰি - যোৰহাটত পবিত্ৰ বুদ্ধ পূৰ্ণিমা উদযাপন